ETV Bharat / state

Gibbon Sanctuary: গিবনত গছপুলি ৰোপনৰ নামত NGOৰ লুণ্ঠনৰাজ

author img

By

Published : Jun 8, 2023, 4:58 PM IST

গছপুলি ৰোপন কাৰ্য সম্প্ৰতি একাংশ NGOৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে ৷ বন বিভাগৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলিছে লুণ্ঠনৰাজ ৷ গিবন অভয়াৰণ্যতো (Gibbon Sanctuary) সৃষ্টি হৈছে অনুৰূপ পৰিস্থিতিৰ ৷

Gibbon Sanctuary
Gibbon Sanctuary

গিবনত গছপুলি ৰোপনৰ নামত NGOৰ লুণ্ঠনৰাজ

যোৰহাট, 8 জুন: মৰিয়নিস্থিত হোলোঙপাৰাৰ গিবন অভয়াৰণ্যত (Hoollongapar Gibbon Sanctuary) গছপুলি ৰোপনৰ নামত চলিছে ব্যাপক লুণ্ঠন ৷ বন বিভাগৰ ছত্ৰছায়াতেই অভয়াৰণ্যখনত গছপুলি ৰোপনৰ নামত লুণ্ঠনৰ পোহাৰ মেলিছে এটা NGO য়ে ৷

উল্লেখ্য যে গিবন অভয়াৰণ্যত প্ৰায় 9 লাখ 60 হাজাৰ গছপুলি ৰোপনৰ এক বৃহৎ আঁচনি লোৱা হৈছিল ৷ এই আঁচনিৰ ঠিকা লাভ কৰিছিল জি.বি.টি ( G.B.T) আচাম গ্ৰামীণ ট্ৰাষ্ট নামৰ এটা NGOয়ে ৷ কিন্তু গছপুলি ৰোপনৰ নামত প্ৰকৃততে চলিত ভেঁকোভাওনা (Tree plantation at Gibbon Sanctuary) ৷

কাৰণ ৰোপনৰ বাবে অনা 30 সহস্ৰাধিক গছপুলি এতিয়া প্ৰখৰ ৰ’দত শুকাই নষ্ট হৈ পৰিছে ৷ প্ৰকৃতি সেউজকৰণৰ নামত এনে কাণ্ডজ্ঞানহীন আৰু দুখ লগা দৃশ্য আন একোৱেই হ’ব নোৱাৰে ৷ গছপুলিসমূহ ৰোপন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে কেৱল লুণ্ঠনতহে নামিল NGOটো ৷ অৰ্থাৎ গছপুলি ৰোপনৰ নামত ব্যাপক অনিয়ম আৰু স্বজন তোষণ ৷

গছপুলি ৰোপনৰ বাবে আৱণ্টিত হোৱা ধনো এতিয়া গোটে গোটে গিলিছে বন বিভাগ আৰু NGO টোৱে ৷ কেৱল ইমানেই নহয়, ৰোপনৰ বাবে গছপুলিৰ হিচাবৰ ক্ষেত্ৰটো ব্যাপক অনিয়ম পৰিলক্ষিত হৈছে ৷ 20 হাজাৰ গছপুলি আনি সেয়া হিচাপ বহিত 5 হাজাৰ বুলি দেখুৱাই NGOটোৰ লগতে এই কাৰ্যত বনবিভাগে হাত উজান দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই গছপুলি ৰোপন কাৰ্যত স্থানীয় লোককো ৰহস্যজনক কাৰণত বিৰত ৰখা হৈছে ৷

মুঠ ওপৰত এতিয়া প্ৰকৃতি ৰক্ষাৰ নামত একাংশ NGOৰ গছপুলি ৰোপন কাৰ্য সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে ৷ উল্লেখ্য যে গিবনৰ প্ৰায় 600 হেক্টৰ ভূমিত গছপুলি ৰোপনৰ বাবে লোৱা হৈছিল এই অভিলাষী আঁচনি ৷ এই লুণ্ঠনৰ ক্ষেত্ৰত বন বিভাগৰ শীৰ্ষ বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Mumbai murder case : সংগীক কাটি, টুকুৰা কৰি মৃতদেহ সিজালে কুকাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.