ETV Bharat / state

Corruption : টীয়কত পথ নিৰ্মাণৰ নামত অপচয় হৈছে ৰাজকোষৰ ধন

author img

By

Published : Nov 12, 2021, 10:32 PM IST

টীয়ক চিকিৎসালয়লৈ যোৱা এটা পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ পথ নিৰ্মাণৰ নামত লোক নিৰ্মাণ বিভাগৰ যোৰহাটৰ কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে চৰকাৰী ধন আত্মসাতৰ অভিযোগ ৷

Corruption in road construction teok
টীয়কত পথ নিৰ্মাণৰ নামত অপচয় হৈছে ৰাজকোষৰ ধন

টীয়ক, 12 নৱেম্বৰ : লোক নিৰ্মাণ বিভাগৰ অধীনত টীয়ক চিকিৎসালয়লৈ যোৱা এটা পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ যোৰহাটৰ কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে আঁচনি ৰূপায়নৰ নামত চৰকাৰী ধন আত্মসাতৰ অভিযোগ ৷

লোক নিৰ্মাণ বিভাগৰ যোৰহাট সংমণ্ডলৰ অধীনস্থ টীয়ক নগৰৰ মাজমজিয়াৰ গুৰুত্বপূৰ্ণ চিকিৎসালয় পথটোৰ সম্প্ৰসাৰণৰ বাবে আজিৰ পৰা ছয়মাহ পূৰ্বে আঁচনি গ্ৰহণ কৰা হৈছিল ৷ সেই আঁচনিৰ নামত আৱন্টন কৰা হৈছিল প্ৰায় 28 লাখ টকা ৷ সেই মতে পথ নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰা ঠিকাদাৰেও সেই আঁচনিৰ ধন সম্পূৰ্ণৰূপে মোকলাই নিয়ে ৷

কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এই যে, পথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ ছয় মাহ নৌহওঁতেই পথটো পুনৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে নতুন আঁচনি ৷ ইতিমধ্যে, পথটোৰ ফেবাৰ ব্লক সমূহ উঠাই পথৰ দাঁতিত নলা নিৰ্মাণৰ লগতে পথটো মেৰামতিৰ কাম আৰম্ভ কৰিছে লোক নিৰ্মাণ বিভাগে ৷ এই কামৰ বাবে লোক নিৰ্মাণ বিভাগে আৱন্টন কৰিছে প্ৰায় 3 কোটি টকা ৷

লগতে পঢ়ক: Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক

এই বিষয়টোক লৈয়ে ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ৰাইজৰ অভিযোগ, পূৰ্বে পথটো সম্প্ৰসাৰণ কৰাৰ আঁচনি ৰূপায়ন কৰাৰ সময়ত স্থানীয় দল-সংগঠনে নলা নিৰ্মাণ কৰি পথটো সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাইছিল ৷ কিন্তু সেই দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷

এতিয়া পুনৰ ছয় মাহ পূৰ্বে নিৰ্মাণ কৰা পথটো পুনৰ নিৰ্মাণ কৰিবলৈ লোৱাত চকু কপালত উঠিছে ৰাইজৰ ৷ একেটা ৰাস্তাকে ছয় মাহৰ ভিতৰতে দুবাৰকৈ নিৰ্মাণ কৰি ৰাজকোষৰ ধন অপচয় কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

যি সময়ত পুঁজিৰ অভাৱত চৰকাৰখনে বিধায়ক পুঁজি কৰ্তনকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণৰে দেউলীয়া অৱস্থাৰ মোকাবিলা কৰাৰ চেষ্টা চলাইছেল তেনে সময়তে একাংশ বিভাগীয় বিষয়াই মুনাফা লাভৰ স্বাৰ্থত ৰাজকোষৰ ধন অপচয় কৰা অভিযোগ তুলিছে স্থানীয় লোকে ৷ যি কাম একেবাৰতে কৰিব পাৰি সেই কাম দুবাৰকৈ কৰিবলৈ লোৱাত ক্ষোভ প্ৰকাশ কৰিছে টীয়কৰ দল সংগঠনৰ লগতে ৰাইজে ৷

লগতে পঢ়ক: Land mafia: বলেৰে অকলশৰীয়া বৃদ্ধাৰ মাটি দখলৰ চেষ্টা বাবলু গুণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.