যোৰহাট, 24 জুন : যোৰহাটৰ এখন বিবাহে ৰাইজৰ মাজত কৰ'ণা ভাইৰাছ আতংকৰ সৃষ্টি কৰিছে ৷ বিগত 16 জুনত জিলা প্ৰশাসনৰ সকলো নীতি-নিয়ম উলংঘা কৰি আয়োজন কৰা হৈছিল এখন বিয়া ৷ যোৰহাটৰ এই বিয়াখনত সমবেত হৈছিল প্ৰায় পাঁচ শতাধিক লোক । যোৰহাটৰ 1 নং সোনাৰী গাঁৱৰ এই বিয়াতে উপস্থিত আছিল কৰ'ণাত আক্ৰান্ত লক্ষ্যজিৎ বৰদলৈ নামৰ যুৱকজন । তাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলতে ।
যোৰহাট জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন ৰূপে ঘোষণা কৰিছিল 1 নং সোনাৰী গাঁৱৰ 1 নং উপপথ । এই বিবাহত উপস্থিত থকাৰ বাবে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও নিজকে হোম কোৱাৰেন্টাইন কৰিবলৈ বাধ্য হৈছিল ।
ইয়াৰ পাচতে Epidemic Diseases Act 1897, 51(b) of Disaster Management Act 2005 and 188 IPC ৰ অধীনত দৰা মানস দত্ত আৰু কইনা লীমাশ্ৰী বৰুৱাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে যোৰহাট জিলা প্ৰশাসনে ।
আনহাতে,যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ পূৱ দিশত থকা বাকীজাই,এন আৰ চি আৰু ভূমি অধীগ্ৰহন কাৰ্যালয় শাখাটো ইতিমধ্যে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি বন্ধ কৰি দিয়া হৈছে । ইয়াৰ লগতে সকলো কৰ্মচাৰীৰ শ্বাৱ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰি সকলোকে হোম কোৱাৰেন্টাইন কৰা হৈছে ।
সমগ্ৰ ঘটনাৰ পাচতে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ দৈনন্দিন কাম স্থবিৰ হৈ পৰিছে ৷ সেয়েহে এতিয়াৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিখন বিয়া তদাৰক কৰিব জিলা প্ৰশাসনে । তদুপৰি শপত নামা দিব লাগিব দৰা-কইনাই ।
লগতে পঢ়ক : আইএনএছ শিৱাজীৰ ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা পজিটিভ