যোৰহাট, 31 মাৰ্চ : মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে এতিয়া সমষ্টিয়ে সমষ্টিয়ে বিধায়কসকলে তদাৰক কৰিছে চিকিৎসা ব্যৱস্থা। মঙলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া । তেওঁক এই ভ্ৰমণকালত সংগ দিয়ে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
চিকিৎসা মহাবিদ্যালয় পৰিভ্ৰমণ কৰি সাংবাদিকেৰে হোৱা বৰ্তালাপত দেৱব্ৰত শইকীয়াই জনায় যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ৩০০ কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰা ব্যৱস্থা আছে । আনহাতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ মোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাই লক্ ডাউন সম্পৰ্কে কৰা ঘোষণাক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় বিৰোধী দলপতিগৰাকীয়ে ।
লগতে পঢ়ক : ডিফুত লক্ ডাউন পৰিস্থিতিৰ বুজ ল'লে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে !