ETV Bharat / state

মৰিয়নীত কংগ্ৰেছ আৰু অগপত ব্যাপক খহনীয়া - newly join at bjp

মৰিয়নীত কংগ্ৰেছ আৰু অগপত খহনীয়া । মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৃষ্ট হৈ বহু কেইগৰকী কংগ্ৰেছ আৰু অগপৰ নেতা কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত । বিজেপি দলৰ প্ৰতিষ্ঠাপক সভাপতি শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি বিজেপিৰ মৰিয়নী মণ্ডল কাৰ্যলয়ত আয়োজিত এক কাৰ্যসূচীত আনুস্থানিক ভাৱে যোগদান কৰিলে কংগ্ৰেছ আৰু অগপ দলৰ প্ৰায় ত্ৰিশ গৰাকীকৈ নেতা কৰ্মীয়ে ।

congress and agp leader move to bjp at morioni
মৰিয়নীত অধিকাংশ কংগ্ৰেছী-অগপৰ বিজেপি গমন
author img

By

Published : Jul 6, 2020, 10:42 PM IST

Updated : Jul 7, 2020, 12:45 AM IST

মৰিয়নী,৬ জুলাই: বিজেপি নগৰ মণ্ডলৰ সভাপতি কৃষ্ণ ভূমিজৰ সভাপতিত্ব অনুষ্ঠিত এই অনুষ্ঠানত কংগ্ৰেছ আৰু অগপ ত্যাগ কৰি বিজেপি দলটোৰ প্ৰতি আকৰ্ষণৰ কথা সদৰি কৰিলে বিজেপিলৈ গমন কৰা এই সকল নেতা কৰ্মীয়ে । বৰ্তমান মহামাৰী কৰ'নাৰ আতংকৰ সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি ৰাইজৰ হকে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাম কৰি যোৱাৰ সদিচ্ছাক সন্মান জনাই এই সকলে বিজেপি দলৰ প্ৰতি আকৃষ্ট হোৱাৰ কথা জনাইছে বিজেপিত সদ্যভৰ্তি হোৱা এগৰাকী প্ৰাক্তন কংগ্ৰেছী নেত্ৰীয়ে ।

মৰিয়নীত অধিকাংশ কংগ্ৰেছী-অগপৰ বিজেপি গমন

বিজেপি দলৰ প্ৰতিষ্ঠাপক সভাপতি শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে আয়োজিত এই অনুষ্ঠানত শ্যামা প্ৰসাদ মুখাৰ্জীৰ নীতি আদৰ্শৰ বিশ্লেষণ কৰিলে বিজেপিৰ নেতা ৰমণী তাঁতীয়ে ।

Last Updated : Jul 7, 2020, 12:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.