টীয়ক,1 8মে’: অসমত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ২০১৪ চনৰ পৰা আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই ।
উল্লেখযোগ্য যে, বিগত সময়ছোৱাত বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ লিংকন এণ্ড ডিগ্নিটি নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে কামৰ দ্বায়িত্ব গ্ৰহণ কৰিছে । কিন্তু লিংকনৰ কামত যথেষ্ট আসোঁৱাহ প্ৰত্যক্ষ কৰি বিভিন্ন সময়ত টীয়কৰ দল সংগঠন আৰু সচেতন ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপিত কৰি আহিছে ।
শেহতীয়াকৈ উৰ্ধতম কৰ্তৃপক্ষৰ লগত টীয়কৰ সচেতন সমাজে এক বৈঠকত মিলিত হৈ প্ৰতিষ্ঠানটোৱে কৰা প্ৰতিটো কামৰ আসোঁৱাহ আঙুলিয়াই দিছিল আৰু কৰ্তৃপক্ষয়ো পুণৰীক্ষণৰ আশ্বাস দিছিল ৷ তাৰ পিছতো কাৰ্যত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল ।
মন কৰিবলগীয়া যে, টীয়কৰ জগদুৱাৰ তিনিআলিৰ নৱনিৰ্মিত পথছোৱাত এজাক বৰষুণ দিলেই বানপানীৰ সৃষ্টি হয় । ইপিনে ৰাইজে পথছোৱা নিৰ্মাণৰ সময়ত বাৰম্বাৰ অভিযোগ দিছিল যে, পূৰ্বৰ পথতকৈ নৱ নিৰ্মিত পথটোৰ উচ্চতা কম হোৱাৰ বাবে বাৰিষা কৃত্ৰিম বানপানী সৃষ্টি হ’ব ।
তাৰ পিছতো প্ৰতিস্থানটোৱে ৰাইজৰ অভিযোগৰ প্ৰতি কাণসাৰ নিদি কাম চলাই নিছিল । ফলত আজি এজাক বৰষুণতে সমগ্ৰ টীয়ক নগৰ কৃত্ৰিম বানপানীৰ কৱলত পৰিছে ৷
সম্প্ৰতি উপায়ন্তৰ হৈ স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰী ধনৰ সদ ব্যৱহাৰ কৰি ৰাইজ উপকৃত কৰিবলৈ দাবী জনাইছে ৷