যোৰহাট, 8 মে': তিতাবৰ বেকাজান চেনিজানত জব্দ দুখন কয়লা ভৰ্তি ট্ৰাকসহ তিনিটা অবৈধ ডিপো ৷ বৰহোলা আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাক দুখন ৷ উল্লেখ্য যে তিতাবৰ মহকুমাৰ অন্তৰ্গত বেকাজান চেনিজানত দীৰ্ঘ দিন ধৰি অব্যাহত আছে অবৈধ কয়লা ব্যবসায় ৷ এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে বাৰম্বাৰ মহকুমা প্ৰশাসনক অৱগত কৰাৰ পাচতো নিৰ্বিঘ্নে চলিছিল কয়লা ব্যৱসায় ৷
কিন্তু মঙলবাৰে বৰহোলা আৰক্ষীৰ নেতৃত্বত চলা এক অভিযানত দুখন কয়লাভৰ্তি ট্ৰাকৰ লগতে তিনিটা অবৈধ কয়লা ডিপো জব্দ কৰিবলৈ সক্ষম হয় ৷ কয়লাভৰ্তি ট্ৰাক দুখন চিৰু দুর্গাৰৰ হোৱাৰ বিপৰীতে অবৈধ কয়লা ডিপোটোৰ গৰাকীকেইজনৰ নাম চিৰু দুর্গাৰ, শুভম বাৰ্মা আৰু মুনো আলি বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷