ETV Bharat / state

জনজাতিৰ বাবে সংৰক্ষণৰ কৰিব লাগে মুখ্যমন্ত্ৰীৰ পদটোঃ ৰকিবুল হুছেইন

অতি সোনকালে নিঃশেষ হৈ যাব অসম গণ পৰিষদ দল। নতুন আৰ এছ এছ আৰু ন-বিজেপিৰ উৎপাতত নাইকিয়া হ’ল পুৰণি আৰ এছ এছ আৰু বিজেপি। বিজেপিক পৰাভূত কৰাৰ বাবেই নতুন আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে কংগ্ৰেছে মহাযোঁট বন্ধন কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি কয় ৰকিবুল হুছেইনে।

schedule tribes
schedule tribes
author img

By

Published : Oct 24, 2020, 7:52 PM IST

যোৰহাট, 24 অক্টোবৰ : অসমৰ মুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ বাবে সংৰক্ষণৰ কৰিব লাগে । তেতিয়া সকলো সমস্যা সমাধান হ’ব ৷ যোৰহাটৰ আৰ্ৱত ভৱনত উপস্থিত হৈ কংগ্ৰেছৰ জেষ্ঠ নেতা ৰকিবুল হুছেইনে এক সংবাদ মেলত এই মন্তব্য কৰে । ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ বাবে সংৰক্ষণ কৰিব লাগে বুলি মন্তব্য কৰে কংগ্ৰেছী নেতা জনে ।

ইয়াৰ লগতে তেওঁ কয় যে, অতি সোনকালে নিঃশেষ হৈ যাব অসম গণ পৰিষদ দল । নতুন আৰ এছ এছ আৰু ন-বিজেপিৰ উৎপাতত নাইকিয়া হ’ল পুৰণি আৰ এছ এছ আৰু বিজেপি । বিজেপিক পৰাভূত কৰাৰ বাবেই নতুন আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে কংগ্ৰেছে মহাযোঁট বন্ধন কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি কয় ৰকিবুল হুছেইনে ।

জনজাতিৰ বাবে সংৰক্ষণৰ কৰিব লাগে মুখ্যমন্ত্ৰীৰ পদটো
অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশ লংঘী হোৱা হেতুকে সাধাৰণ লোকৰ জীৱন যাপন কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি বজাৰত দাম নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হোৱা বুলি কয় বিধায়কজনে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক স্কুটী দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেইয়াও হৈ নুঠিল, আন নালাগে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীতো সেইয়া নহ’ল বুলি চৰকাৰক সমালোচনা কৰে ৰকিবুল হুছেইনে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলী ভ্ৰমণ কৰি তেওঁ কয় যে বাহিৰৰ পৰা মাজুলীৰ অৱস্থা ভাল যেন দেখি যদিও মাজুলীৰ কিন্তু দুখ দুৰ্দশা অনেক । টোলগেটৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ৰকিবুল হুছেইন । অখিল গগৈৰ নেতৃত্বত টোলগেটৰ বিৰুদ্ধে চলা আন্দোলন স্তব্ধ কৰাৰ বাবেই অখিল গগৈক মুক্ত কৰি দিয়া নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

এ আই ইউ ডি এফৰ লগত মিত্ৰতাৰ সন্দৰ্ভত তেওঁ কয় যে, আলোচনা চলিহে আছে কিন্তু এতিয়াও সেইয়া শেষ হোৱা নাই । বিজেপি চৰকাৰে ৰাজ্যত দমনীয় শাসন প্ৰৱৰ্তন কৰিছে । সেয়ে বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল সমুহক মহাযোঁট বন্ধনৰ বাবে আহ্বান জনায় ৰকিবুল হুছেইনে ।

লগতে পঢ়ক : বিজেপি শাসন ওফৰাই গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.