ETV Bharat / state

যোৰহাটৰ মুখ্যমন্ত্ৰীৰ সভাৰ মাজতে ক’লা পতাকা প্ৰদৰ্শন যুৱকৰ - যোৰহাট চিনামৰা চাহ বাগিচা

সোমবাৰে যোৰহাট চিনামৰা চাহ বাগিচাৰ খেল পথাৰত এক শ্ৰমিক সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰামেশ্বৰ তেলী, চন্দ্ৰমোহন পাটোৱাৰী, তপন গগৈ, কামাখ্যা প্ৰসাদ তাছাৰ লগতে কেইবাগৰাকীয়ো নেতাই ৷

CM Sarbanada Sonowal at Jorhat labour union meeting
যোৰহাটৰ শ্ৰমিক সমাৰোহত মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Dec 30, 2019, 8:46 PM IST

যোৰহাট,30 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত ব্যাপক প্ৰতিবাদ ৷ ইয়াৰ মাজতেই সোমবাৰে যোৰহাট চিনামৰা চাহ বাগিচাৰ খেল পথাৰত এক শ্ৰমিক সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰামেশ্বৰ তেলী, চন্দ্ৰমোহন পাটোৱাৰী, তপন গগৈ, কামাখ্যা প্ৰসাদ তাছাৰ লগতে কেইবাগৰাকীয়ো নেতাই ৷

যোৰহাটৰ শ্ৰমিক সমাৰোহত মুখ্যমন্ত্ৰী সোণোৱাল

উল্লেখ্য যে, 1 জানুৱাৰীৰ পৰা বৃদ্ধি কৰা হ’ব অসম চাহ নিগমৰ অন্তৰ্গত 15খন বাগিচাৰ শ্ৰমিকৰ মজুৰি ৷ যাৰ ফলত পূৰ্বৰ দৈনিক মজুৰি 137 টকাৰ পৰা 167 টকালৈ বৃদ্ধি কৰা হ’ব ৷ ইয়াৰ উপৰিও বাগিচাৰ দহ হাজাৰ শিক্ষিত নিবনুৱাক ব্যৱসায় কৰিবৰ বাবে 20 হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব ৷ আনহাতে, 4000 পৰিয়াললৈ প্ৰথম পৰ্যায় হিচাপে 1 লাখ 30 হাজাৰ টকীয়া প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মান কৰি দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আইনখনে অসমীয়া ভাষা আৰু জাতীয় জীৱনৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰে ৷

মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ

আনহাতে, সভাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰে এজন যুৱকে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ভাষণ প্ৰদান কৰি থকা সময়তেই ক’লা পতাকা প্ৰদৰ্শন কৰি জয় আই অসম ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইয়াৰ উপৰিও সভাৰ এশ মিটাৰ দূৰৈত উপস্থিত ৰাইজৰ লগতে আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ শতাধিক সদস্যই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

আৰু পঢ়ক-CAA বিৰোধী আন্দোলনত কাৰাৰুদ্ধসকলক আইনী সহায় আগবঢ়াব কংগ্ৰেছে

Intro:চাহ শ্ৰমিকৰ সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰী।নাগৰিকত্ব সংশোধীত আইনৰ ৰোল তৈয়াৰ কৰা হৈছে।Body:নাগৰিকত্ব সংশোধিত আইনৰ বিৰুদ্ধে ব্যাপক হাৰত প্ৰতিবাদী কাৰ্যসূচী হৈ থকা সময়তেই আজি মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাৰ খেল পথাৰত এক শ্ৰমিক সমাৰোহত অংশগ্ৰহণ কৰে।মুখ্যমন্ত্ৰী লগতে ৰামেশ্বৰ তেলী,চন্দ্ৰ মোহন পাটোৱাৰী, তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা ওপৰিও বহু বিজেপি দলৰ নেতাই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে পহিলা জানুৱাৰী পৰা অৰ্থাৎ মাত্ৰ দুটা দিনৰ পাছতেই অসম চাহ নিগমৰ অন্তৰ্গত ১৫ খন বাগিচাৰ সকলো শ্ৰমিকৰ মজূৰি বৃদ্ধি কৰা হব যাৰফলত পূৰ্বৰ দৈনিক ১৩৭টকাৰ পৰা ১৬৭ টকাকৈ পাব।আনকি দহ হাজাৰ শিক্ষীত চাহ বাগিচাৰ নিবনুৱাক ব্যৱসায় কৰিবৰ বাবে ২০ হাজাৰ টকাকৈ এক কালিন সাহাৰ্য প্ৰদান কৰিব।ইয়াৰ উপৰিও ৪০০০ হাজাৰ পৰিয়াল লৈ প্ৰথম পয্যায় হিচাপে ১লাখ ৩০ হাজাৰ টকীয়া প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণ কৰি দিয়া কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।ইয়াৰ উপৰিও নাগৰিকত্ব সংশোধনী আইনে অসমীয়া ভাষা, জাতীয় জীৱনৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে বুলি কোৱা লগতে তেওঁ অতিশীয্ৰ নিজ সমষ্টি মাজুলী লৈ গমন কৰিব।Conclusion:ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অন্তৰ্গত স্বাস্থ্য ভৱনৰ আধাৰ শিলা উন্মোচন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে চাহ বাগিচাৰ বহু শ্ৰমিকে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.