যোৰহাট, 11 জুলাই: প্ৰতিটো নিৰ্বাচনত অসমীয়াই পাঁচটাকৈ সমষ্টি হেৰুৱাই আহিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণত অসমীয়াই হেৰুৱাই অহা বৰপেটা আৰু বট্ৰদ্ৰৱা সমষ্টি পুনৰ ঘূৰাই পাব ৷ যি সকলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছে তেওঁলোকে জননী জন্মভূমিৰ প্ৰতি অপৰাধ কৰিছে ৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি, সাংবাদিকৰে হোৱা মত বিনিময়ত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰীজনে ৷
তেওঁ কয় যে, 25 বছৰ ধৰি মই প্ৰতিনিধিত্ব কৰি থকা সমষ্টিটো মই হেৰুৱাইছো ৷ সেইটো দুখ লাগে; কিন্তু যদি এই সমষ্টি পুনৰ নিৰ্ধাৰণ নহয় তেতিয়া হ'লে অসমীয়া জাতি চিৰদিনৰ বাবে দুৰ্বল হৈ পৰিব ৷ প্ৰতিটো নিৰ্বাচনতে অসমীয়াই পাঁচটাকৈ সমষ্টি হেৰুৱাই আহিছে ৷ এনেদৰে সমষ্টি হেৰুৱাই গৈ থাকিলে 62 লৈ নামি আহিবলৈ বেছি সময় নালাগিব বুলি কয় মুখ্যমন্ত্ৰীজনে ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, যেতিয়া 1985 চনত অসম চুক্তি হৈছিল তাৰ পিছত নিৰ্বাচন হওঁতে অসম গণ পৰিষদে 58ত কৈ বেছি আসন পোৱা নাছিল ৷ সেই সময়ত প্ৰত্যেকজন অসমীয়া ভোট দিছিল অগপক ৷ ইয়াৰ অৰ্থ অসমীয়াৰ হাতৰ পৰা ৰাজনৈতিক ক্ষমতা হ্ৰাস হৈ গৈছে ৷ 2007 ৰ যিখন খচৰা কংগ্ৰেছৰ দিনত হৈছিল, সেইখন কাৰ্যকৰীৰ হোৱা হ'লে তেতিয়া অসমীয়া জাতিৰ সন্মুখত একোৱেই নাথাকিলহেতেন ৷ একাংশ সংগঠনে কৈছে যে 2011 অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগে ৷ কিন্তু আমি 2001 তেই শিৱসাগৰ হেৰুৱাইছো,যদি 2011ৰ মতে হয় উজনি অসম পৰা 16 ৰ পৰা 20টা সমষ্টি নামনি অসমলৈ গুচি যাব বুলি কয় তেওঁ ৷
যি সকলে 2011ৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ বিচাৰি আছে তেওঁলোক জাতিটোৰ বাবে দায়বদ্ধ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷ বাস্তৱ ছৱিখন তেওঁলোকে বুজিয়ে পোৱা নাই বুলি কৈ তেওঁ কয় যে, যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড়ত জনসংখ্যা হ্ৰাস হৈছে আৰু আন জিলা সমূহত ব্যাপক হাৰত বৃদ্ধি হৈছে ৷ সেই সামান্য অংকখিনিও তেওঁলোকে কৰা নাই ৷ আজি লাহোৱাল, আমগুৰি হেৰুৱাওৰ কাৰণে কান্দিছে, অহাকালি নাজিৰা, ডিব্ৰুগড় হেৰুৱাব ৷ কিন্তু নামনিত আসন বাঢ়ি বাঢ়ি গৈ থাকিব; কিন্তু অসমীয়া মানুহৰ হাতত নাবাঢ়ে ৷ আমি গৌৰৱ কৰিব লাগে যে আমি বৰপেটা,বট্ৰদ্ৰৱা পুনৰ ঘূৰাই আনিলো; বৰপেটা, ধেমাজিত নতুন সমষ্টি হ’ল ৷
আনহাতে মুখ্যমন্ত্ৰীজনে কয় যে, যিসকলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছে তেওঁলোকে জননীৰ প্ৰতি অপৰাধ কৰিছে ৷ কংগ্ৰেছে বিৰোধিতা কৰাৰ প্ৰধান কাৰণ হ’ল কংগ্ৰেছৰ বাবে এয়া মোক্ষম আঘাত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত কংগ্ৰেছে কেতিয়াও মূৰ দাঙি উঠিব নোৱাৰিব ৷ কিন্তু স্বদেশ প্ৰেমৰ চোলা পিন্ধি জননী জন্মভূমিক এইধৰণে অন্যায় কৰা যি চাম লোক আছে সেই চাম মানুহক আমি চিনাক্ত কৰি ললো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷
তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিৰ্বাচনী আয়োগক কিছুমান পৰামৰ্শ দিয়া হৈছে ৷ যেনে বটদ্ৰৱা থানখন এতিয়া বট্ৰদ্ৰৱা সমষ্টি পৰা ওলাই গ'ল, গতিকে বটদ্ৰৱা নামটো থকাৰ কোনো প্ৰয়োজনীয়তা নাই ৷ তেনেদৰে শুৱালকুছি নামটো যিদৰে নোহোৱা হৈ গ’ল আৰু হাজো শুৱালকুছি হ'ব পাৰে নেকি, সেই ধৰণৰ দুই-তিনিটা পৰামৰ্শ ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগক দিব বুলি কয় মুখ্যমন্ত্ৰীজনে ৷
লগতে পঢ়ক: CM Himanta Biswa Sarma: আৰক্ষীত 80 শতাংশ ভাল যদিও 20 শতাংশ ভাল নহয়; মুখ্যমন্ত্ৰী