ETV Bharat / state

যোৰহাটত অৰুণোদয় মাহৰ শুভাৰম্ভণী

author img

By

Published : Aug 21, 2022, 10:59 AM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত শনিবাৰে অৰুণোদয় মাহ কাৰ্যসূচীৰ উদ্বোধন কৰে (CM Himanta Biswa Sarma inaugurated Orunodoi Month)। ইয়াৰ সৈতে সংগতি ৰাখি শনিবাৰে যোৰহাট থিয়েটাৰ হলত আয়োজন কৰা অৰুণোদয় মাহ ২০২২ৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে ৷

Arunodoi Month start in Jorhat
যোৰহাটত অৰুনোদয় মাহৰ শুভাৰম্ভ

যোৰহাট,২১ আগষ্ট: যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে যোৰহাট থিয়েটাৰ হলত আয়োজন কৰা অৰুণোদয় মাহ ২০২২ৰ (Orunodoi Month start in Jorhat) আনুষ্ঠানিক শুভাৰম্ভণি কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে (Director of Department of Agriculture) ৷ অৰুণোদয় আঁচনিৰ অধীনৰ হিতাধিকাৰীসকল প্ৰকৃত বা যোগ্য হিতাধিকাৰী হয় নে নহয় তথা পাব নলগীয়া মহিলাইও উক্ত টকা গ্ৰহণ কৰি আছে নেকি সেয়া বাচি উলিয়াবলৈ ব্য়ৱস্থা কৰা হৈছে (Orunodoi Month in Assam)।

Arunodoi Month start in Jorhat
যোৰহাটত অৰুনোদয় মাহৰ শুভাৰম্ভ

এই ঘৰে ঘৰে জৰীপ কৰিবৰ বাবে মহাবিদ্য়ালয়ৰ NCC,NSS-ৰ কেডেট আৰু অন্যান্য ছাত্ৰ-ছাত্ৰীসকলক নিয়োজিত কৰা হৈছে বুলি কয় কৃষি বিভাগৰ সঞ্চালকগৰাকীয়ে ৷ তেওঁ পুনৰ কয় যে, এইক্ষেত্ৰত গাঁও পঞ্চায়ত আৰু পৌৰসভাৰ বিষয়ববীয়া সকলে তেওঁলোকক সম্পূৰ্ণ সহায় সহযোগিতা প্ৰদান কৰিব ৷ উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে অংশগ্ৰহণ কৰে ।

ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰৰ উক্ত আঁচনিখনৰ দ্বাৰা জিলাখনৰ বহুসংখ্যক মহিলা উপকৃত হৈছে। উপায়ুক্তগৰাকীয়ে জৰীপৰ বাবে নিয়োজিত কৰা মহাবিদ্য়ালয়ৰ NCC,NSS কেডেট আৰু অন্যান্য ছাত্ৰ-ছাত্ৰীসকলক মনপুতি নিজৰ দায়িত্ব পালন কৰিবলৈ উৎসাহিত কৰে ৷

Arunodoi Month start in Jorhat
যোৰহাটত অৰুনোদয় মাহৰ শুভাৰম্ভ

মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (MLA Rupjyoti Kurmi) আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই (MLA Bhaskar Jyoti Baruah)উক্ত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি এনেধৰণৰ আঁচনি ৰূপায়ন কৰাৰ বাবে চৰকাৰৰ শলাগ লয় ৷ এই অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰেও ৷ অনুষ্ঠানটোত জিলা পৰিষদৰ মুখ্য কাৰ্যৱাহী বিষয়া প্ৰণৱ কুমাৰ বৰা প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

উল্লেখ্য যে, ৰাজ্য়ৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত শনিবাৰে অৰুণোদয় মাহৰ কাৰ্যসূচী উদ্বোধন কৰে (CM Himanta Biswa Sarma inaugurated Orunodoi Month)। চৰকাৰে ঘোষণা কৰা অনুসৰি এই কাৰ্যসূচী অহা ১০ অক্টোবৰলৈ চলিব । উক্ত কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹শৰ্মাই কয় যে অৰুণোদয় মাহৰ কাৰ্যসূচীৰ ভিতৰত নতুনকৈ 6 লাখ পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব (Orunodoi Month inaugurated at Dispur Janata Bhavan)।

লগতে পঢ়ক:নলবাৰীত বান সাহায্য প্ৰদানৰ লগতে অৰুণোদয় মাহৰ শুভাৰম্ভণি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.