ETV Bharat / state

CM Himanta Biswa Sarma: আৰক্ষীত 80 শতাংশ ভাল যদিও 20 শতাংশ ভাল নহয়; মুখ্যমন্ত্ৰী - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মঙলবাৰে যোৰহাটৰ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যোৰহাট ভ্ৰমণৰ সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷

Himanta Biswa Sarma at Sukapha Samannay Kshetra
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jul 11, 2023, 8:00 PM IST

চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

যোৰহাট, 11 জুলাই: 2026লৈ বহুতৰে চাকৰি যাব ৷ আপোনালোকে এনেকুৱা বহুত টুইট পাব, এনেধৰণৰ বহুত নিউজ আপোনালোকে দি থাকিব লাগিব ৷ এই আৰক্ষী সকল আমাৰ দিনত নিযুক্তি পোৱা আৰক্ষী নহয় ৷ লগতে আৰক্ষীত 80 শতাংশ ভাল মানুহ আছে যদিও 20 শতাংশ ভাল মানুহ নাই ৷ অসম আৰক্ষীৰ দুৰ্নীতিপৰায়ণ আৰক্ষী সন্দৰ্ভত এইদৰে মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

তেওঁ লগতে কয় যে, অসমত 50 হাজাৰ জন আৰক্ষী আছে ৷ গতিকে আমি ক’ব পাৰিম যে, 10 হাজাৰ এনেকুৱা ব্যক্তি আৰক্ষীত আছে যাক নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে ৷ এই 10 হাজাৰজনৰ মাত্ৰ 4-5জনৰ ক্ষেত্ৰতহে ব্যৱস্থা হৈছে ৷ গতিকে ব্যৱস্থা গ্ৰহণ কৰিব লগীয়া তালিকাখন দীঘলীয়া ৷ লগতে তেওঁ কয় যে, আৰক্ষীত 80 শতাংশ ভাল মানুহো আছে, নহ’লে আমি অসমত বৰ্তমান শান্তিত থাকিব নোৱাৰো ৷

ইফালে মণিপুৰৰ বৰ্তমান হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে, মণিপুৰৰ পৰিস্থিতি বৰ্তমান যথেষ্ট স্বাভাৱিক ৷ আৰু স্বাভাৱিক কৰাৰ প্ৰচেষ্টা চলি আছে বুলি কয় মুখ্যমন্ত্ৰী জনে ৷

উল্লেখযোগ্য যে, দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে যোৰহাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে যোৰহাটৰ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত উপস্থিত হয় ৷ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা প্ৰেক্ষাগৃহ উদ্বোধন আৰু মুকলি সভাত অংশগ্ৰহণ কৰে তেওঁ ৷ সাংবাদিকৰে হোৱা মত বিনিময়ত তেওঁ ৰাজ্যৰ দ্বিতীয় ৰাজ্যিক সংগ্ৰহালয় চ্যুকাফা সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে আৰু সমন্বয় ক্ষেত্ৰ পূৰ্ণাংগ ৰূপত গঢ় দিয়াৰ বাবে চৰকাৰে 100 কোটি টকা পুজি ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ তিনিবছৰৰ ভিতৰত অসমৰ দ্বিতীয়টো ৰাজ্যিক সংগ্ৰহালয় সহিতে সমন্বয় ক্ষেত্ৰৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীজনে ৷

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনত হিংসাত্মক ঘটনাৰ বলি হৈ অসমত প্ৰায় 150 শৰনাৰ্থী প্ৰৱেশ কৰিছে ৷ ধুবুৰীত এই সকল নিৰবাচনী হিংসাৰ বলি হোৱা লোকক থাকিবলৈ দিয়া হৈছে বুলি জনায় তেওঁ ৷ লগতে এই লোক সকলৰ বাবে থকা-খোৱাৰ উপৰিও চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি জনায় তেওঁ ৷ লগতে বৰ্তমান সাহাৰ্য শিবিৰত 133 গৰাকী শৰনাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে উজনি অসমৰ চাহ বাগিচাত যি সকলে ধনদাবী কৰিছে সেইসকল কেৱল ভুৱা আলফাহে প্ৰকৃত আলফা নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বাগিছা কৰ্তৃপক্ষৰ যিটো অৱস্থা তেওঁলোকৰ পৰা আনিবলৈ যোৱাৰ আগতে তেওঁলোকক দিবহে লাগে বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক: CM In Jorhat: ঐতিহাসিক বৰভেটিত সেৱা ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.