ETV Bharat / state

Citizen meeting in Jorhat : পৌৰকৰ্মীৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত যোৰহাটত নাগৰিক সভা

প্ৰতিবাদ কৰিয়েও যেন সফলতা লাভ কৰা নাই ৰাজ্যৰ পৌৰকৰ্মীসকলে (Municipal workers protest in Assam) ৷ পৌৰকৰ্মীৰ প্ৰতিবাদে যেন গা লৰাব পৰা নাই বিভাগীয় কৰ্তৃপক্ষক ৷ সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৌৰকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনকি যোৰহাটতো আয়োজন কৰা হয় এখনি নাগৰিক সভাৰ (Citizen meeting held in Jorhat)৷

author img

By

Published : Dec 19, 2022, 8:35 PM IST

Citizen meeting in Jorhat
যোৰহাটত আয়োজন নাগৰিক সভা
যোৰহাটত আয়োজন নাগৰিক সভা

যোৰহাট, 19 ডিচেম্বৰ : সোমবাৰে ৰাজ্যজুৰি অচল হৈ পৰিল পৌৰসভাৰ কাম-কাজ (Protest in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ যোৰহাট জিলাৰ পৌৰকৰ্মীসকলেও ন্যাৰ্যপ্ৰাপ্তিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল (Municipal workers protest in Jorhat) ৷ কিন্তু পৌৰকৰ্মীৰ প্ৰতিবাদে যেন গা লৰাব পৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

এইবাৰ যোৰহাট পৌৰকৰ্মীক কাষত থিয় হ’ল যোৰহাট জিলা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদৰ লগতে যোৰহাটৰ জ্যেষ্ঠ নাগৰিকসকল ৷ পৌৰকৰ্মীসকলৰ ন্যৰ্যপ্ৰাপ্তি দাবীত সোমবাৰে যোৰহাট পৌৰসভা কাৰ্যালয়ত আয়োজন কৰা হয় এখনি নাগৰিক সভাৰ (Citizen meeting at Jorhat) ৷ উক্ত নাগৰিক সভাত সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, পৌৰসভাৰ কৰ্মীসকলে দীৰ্ঘদিন ধৰি কম মজুৰিত অস্থায়ী কৰ্মচাৰী হিচাবে কাম কৰি আহিছে (Jorhat Municipal workers) ৷ কিন্তু আজিকোপতি চৰকাৰে তেওঁলোকৰ চাকৰি স্থায়ী নকৰিলে ৷ আনকি পৌৰকৰ্মীসকলৰ প্ৰাপ্য মজুৰিও বৃদ্ধি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ ফলত দিনক দিনে পৌৰকৰ্মীসকলৰ অৱস্থা তথৈবচ হৈ পৰিছে ।

সেয়ে পৌৰকৰ্মীসকলৰ প্ৰাপ্য মজুৰি 18 হাজাৰ টকালৈ বৃদ্ধি কৰা, চাকৰি স্থায়ী কৰা আৰু পি এফৰ সুবিধা প্ৰদান কৰা আদি দাবীৰে উক্ত নাগৰিক সভাখনৰ আয়োজন কৰা হয় ৷ উক্ত নাগৰিক সভাতেই উপস্থিত দল-সংগঠনৰ সকলো বিষয়ববীয়াই পৌৰকৰ্মীসকলৰ দাবীসমূহ শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় (Citizens demanding justice for municipal workers) ৷

লগতে পঢ়ক : Electricity contractual employees : লখিমপুৰত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

ইফালে সোমবাৰে ৰঙিয়াৰ পৌৰসভাৰ কাৰ্যালয়ৰ মূল গেটত তলা লগাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে পৌৰ কৰ্মীসকলে (Protest at Rangia) । সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, বছৰ বছৰ ধৰি নগৰ আৰু নিকায়সমূহৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহা এইসকল কৰ্মচাৰীয়ে ন্যাৰ্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে।

লগতে পৌৰসভা ভেদে বিগত প্ৰায় ছমাহৰ পৰা ৩৭ মাহ পৰ্যন্ত কৰ্মচাৰীয়ে দৰমহা লাভ কৰা নাই ৷ ফলত এইসকল কৰ্মচাৰীয়ে তীব্ৰ আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে । সুদীৰ্ঘ ৪৭ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা এই কৰ্মচাৰীসকলৰ সমস্যা সমাধানত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ এইসকল প্ৰতিবাদকাৰীৰ ।

এনেবোৰ সমস্যা সমাধান আৰু প্ৰাপ্য অনুসাৰে সা-সুবিধাৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবীত কৰ্মচাৰীসকলে সোমবাৰে ৰূপায়ন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ (Rangia Municipal workers protest)৷

লগতে পঢ়ক : Protest at Rangia: ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰঙিয়াত পৌৰ কৰ্মী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.