ETV Bharat / state

মানৱতা গুণেৰে সমৃদ্ধ মৰিয়নীৰ কেইটিমান কণমানি - childrens of mariani donated essential foods to the poors

মৰিয়নীৰ 2 নং ৱাৰ্ডৰ বাপুজী ষ্টেডিয়ামৰ সমীপৰ কেইটিমান শিশুৱে ছেৰী হেল্প এজেন্সী নামেৰে এটা গোট স্থাপন কৰি, প্ৰায় ৩২০০ টকা সংগ্ৰহ কৰি সেই টকাৰে দহটা দৈনিক হাজিৰা কৰা পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

hildrens of mariani donated essential foods to the poors

author img

By

Published : Jun 10, 2020, 2:11 PM IST

মৰিয়নী, 10 জুনঃ লক ডাউনৰ ফলত দিন হাজিৰা কৰা লোকসকল সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ ৷ একেটা চুবুৰিতে থকা এনে একাংশ লোক দুৰৱস্থা দেখি তেওঁলোকক সামান্য সকাহ দিবলৈ আগবাঢ়ি আহিল কেইটিমান কণমানি ৷ মৰিয়নীৰ 2 নং ৱাৰ্ডৰ বাপুজী ষ্টেডিয়ামৰ সমীপৰ কেইটিমান শিশুৱে ছেৰী হেল্প এজেন্সী নামেৰে এটা গোট স্থাপন কৰে ৷ গোটটোত আছে প্ৰায় ৫ বছৰৰ পৰা ১২ বছৰ বয়সৰ শিশু ৷ শিশুকেইটিয়ে প্ৰায় ৩২০০ টকা সংগ্ৰহ কৰি সেই টকাৰে দহটা দৈনিক হাজিৰা কৰা পৰিয়ালক দু‌সাঁজ খাব পৰাকৈ বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে একোখনকৈ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ আদি বিতৰণ কৰে ৷

মানৱতা গুণেৰে সমৃদ্ধ মৰিয়নীৰ কেইটিমান কণমানি

আয়ুস্মিতা নন্দিনী, মণিষা মজুমদাৰ, দিক্ষীতা কৰ্মকাৰ, মৌচুমী গড়, অনংগ শইকীয়া, অংগৰাজ গগৈ আৰু অন্তৰীক্ষ হাজৰিকা নামৰ কণমানি কেইগৰাকী এনে কাৰ্যই সামাজিক দায়বদ্ধতাৰ লগতে তেওঁলোকৰ বদান্যতাও দাঙি ধৰিলে ৷ তেওঁলোকৰ এনে কাৰ্যক অঞ্চলবাসীয়ে শলাগ লোৱাৰ লগতে শৈশৱৰ পৰাই এনে সামাজিক দায়বদ্ধতা আহৰণ কৰিলে ভৱিষ্যতে এখন সুন্দৰ সমাজ সকলোৱে আশা কৰিব পাৰে বুলি মত প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ এক বজাৰ শীৰ্ষ দহ বাতৰি.....

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.