ETV Bharat / state

যোৰহাটত প্ৰশাসনে বিলালে মুৰ্গী পোৱালি - যোৰহাট জিলা প্ৰশাসনৰ পদক্ষেপ

যোৰহাট জিলা প্ৰশাসনৰ পৰ্যবেক্ষণ গৃহৰ কিশোৰসকলক আত্মনিৰ্ভৰশীল কৰাৰ বাবে পদক্ষেপ (Jorhat administration) । ইয়াৰে অংশ ৰূপে পৰ্যবেক্ষণ গৃহৰ কিশোৰক বিতৰণ কৰিলে মুৰ্গী পোৱালি ।

jorhat
যোৰহাটৰ পৰ্যবেক্ষণ গৃহত মুৰ্গী পোৱালী বিতৰণ প্ৰশাসনৰ
author img

By

Published : Jun 23, 2022, 11:01 PM IST

যোৰহাট, ২৩ জুন : যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সহযোগত বৃহস্পতিবাৰে লিচুবাৰীস্থিত পৰ্যবেক্ষণ গৃহত (Observation Home for boys at Jorhat) মুৰ্গী পোৱালি বিতৰণ কৰা হয় ৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নিৰ্দেশ ক্ৰমে অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰে পৰ্যবেক্ষণ গৃহৰ কিশোৰসকলক মুৰ্গী পোৱালি বিতৰণ কৰা বুলি জানিব পৰা গৈছে (Dc Ashok Kumar Burman) ।

উক্ত অনুষ্ঠানত জিলা কুকুৰা ফাৰ্মৰ পৰিচালক ডাঃ চৰোৱাৰ চাদেৰে বৈজ্ঞানিক পদ্ধতিৰে মুৰ্গী পালনৰ সন্দৰ্ভত এক প্ৰশিক্ষণো প্ৰদান কৰে (Training on chicken rearing) ৷ উক্ত গৃহটোৰ সৰহ সংখ্যক কিশোৰে মুৰ্গী পালনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, জিলা উপায়ুক্তগৰাকীয়ে এই গৃহটোৰ কিশোৰসকলে আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্য়ে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷ উক্ত গৃহটোৰ পৰা ওলাই যোৱাৰ পিছত উপাৰ্জনৰ পথ বিচাৰি নাপাই বিপথে পৰিচালিত নহ'বলৈকে তেওঁলোকক নিজে কৰ্ম কৰি চলিবলৈ শিক্ষা দিয়া আৰু সুবিধা প্ৰদান কৰাটো আমাৰ দায়িত্ব বুলিও উপায়ুক্ত গৰাকীয়ে কয় ৷

জিলাখনৰ বিভিন্ন প্ৰান্তত নিৱনুৱা যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপনৰ বাট দেখুৱালৈ জিলা উপায়ুক্তই চেষ্টা চলাই আহিছে ৷ ইতিমধ্যে উপায়ুক্ত গৰাকীৰ তৎপৰতাত বহু স্থানত হাঁহ, কুকুৰা, ছাগলী আদিৰ পোৱালী বিতৰণৰ কাৰ্যসূচী সম্পন্ন হৈছে ৷

আনহাতে,উক্ত অনুষ্ঠানত সহকাৰী আয়ুক্ত পৰিনীতা চক্ৰৱৰ্তী, পৰ্যবেক্ষণ গৃহটোৰ অধ্যক্ষা দিব্যা দেউৰীৰ লগতে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লকতে পঢ়ক:Bridge collapses in Mariani : মৰিয়নিত খহি পৰিল দলঙৰ অংশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.