ETV Bharat / state

টীয়কত মহিলা আত্মসহায়ক গোটক ৰাজসাহায্য প্ৰদান

author img

By

Published : Sep 6, 2019, 8:10 AM IST

টীয়ক পৌৰসভাৰ উদ্যোগত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহিলা আত্মসহায়ক গোটক ৰাজসাহায্য প্ৰদান অনুষ্ঠান ৷

টীয়ক পৌৰসভাৰ ৰাজ সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত সাংসদ তপন কুমাৰ গগৈ

টীয়ক, 6চেপ্তেম্বৰঃ বৃহস্পতিবাৰে টীয়ক পৌৰসভাৰ উদ্যোগত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহিলা আত্মসহায়ক গোটক ৰাজসাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত টীয়ক পৌৰসভাই ১৪ টাকৈ সক্ৰিয় আত্মসহায়ক গোটক পোন্ধৰ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে অনাগত দিনত গোটবোৰক আৰু অধিক সক্ৰিয়তাৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷ টীয়ক পৌৰসভাৰ সভাপতি ৰফিক-উজ জামানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে যোৰহাট সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়িকা ৰেণুপমা ৰাজখোৱাকে লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

Intro:Body:টীয়ক পৌৰসভাৰ ৰাজ সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত সাংসদ তপন কুমাৰ গগৈ
TEOK:টীয়ক পৌৰসভাৰ উদ্যোগত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহ আয়োজিত নগৰৰ সক্ৰিয় মহিলা আত্মসহায়ক গোটক আনুষ্ঠানিকভাবে ৰাজ সাহাৰ্য্য প্ৰদান অনুষ্ঠানত যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অংশ গ্ৰহণ কৰে। পৌৰসভাৰ সভাপতি ৰফিক উজ জামানৰ সভাপতিত্বত আয়োজিত এই সভাত টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাকে প্ৰমুখ্য কৰি টীয়কৰ কেইবাজনো গণ্য মান্য ব্যক্তিৰ লগতে ভালেসংখ্যক সক্ৰিয় আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত থাকে।এই সভাতে পৌৰসভা অঞ্চলৰ ১৪ টাকৈ সক্ৰিয় গোটক পোন্ধৰ হাজাৰকৈ ৰাজ সাহাৰ্য্যৰ চেক আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় আৰু অনাগত দিনত গোটবোৰক আৰু অধিক সক্ৰিয়তাৰে কাম কৰি যাবলৈ আহ্বান জনায়।মহিলাসকলৰ স্বাবলম্বীতা আৰু আত্মনিৰ্ভৰতাৰ বাবে NULM ৰ জৰিয়তে এই আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই গোটসমূহক দহ হাজাৰকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হৈছিল আৰু এতিয়া সৰ্বমুঠ এটা গোটত পচ্ছিচ হাজাৰকৈ সাহাৰ্য্য প্ৰদান কৰি নিজে উপাৰ্জন কৰি স্বাবলম্বীতাৰ পথ সুগম কৰাত চৰকাৰে সহায় আগ বঢ়ায়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.