ETV Bharat / state

Teachers day in Teok:চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন - টীয়কত কৃতী শিক্ষকক সম্বৰ্ধনা

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু শিক্ষক দিৱস দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন ।

Teachers day celebrated in Jorhat
টীয়কত কৃতী শিক্ষকক সম্বৰ্ধনা
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:45 PM IST

টীয়কত কৃতী শিক্ষকক সম্বৰ্ধনা

টীয়ক, ৫ ছেপ্টেম্বৰ: আজি পৱিত্ৰ শিক্ষক দিৱস । দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্দিত হৈছে শিক্ষাগুৰুসকল । ৰাজ্য়ৰ চৌদিশ গুৰু বন্দনাৰে মুখৰ হৈছে । ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ টীয়ক । আধ্যাত্মিকতাৰ মাজেৰে টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত পালন কৰা হয় শিক্ষক দিৱস ।

টীয়কৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু শিক্ষক দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণৰ পাছতে মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ দীপক শৰ্মা,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উক্ত সভাতে টীয়কৰ বিভিন্ন প্ৰান্তৰ আঠগৰাকীকৈ বিশিষ্ট শিক্ষাবিদক শিক্ষক দিৱস উপলক্ষত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখযোগ্য যে সদ্য ঘোষিত নাকৰ মূল্যায়নত মহাবিদ্যালয়খনে A+ গ্ৰেড লাভ কৰি সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল । মৰিয়নিৰ বিধায়কগৰাকীয়ে মহাবিদ্যালয়ৰ এই সফলতাত সকলোৰে শলাগ লৈ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক উৎসাহিত কৰিবৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰ পৰা দহ লাখ টকাৰ অনুদান ঘোষণা কৰিছিল । আজি এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ অতিৰিক্ত কোঠা নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে । উল্লেখযোগ্য যে এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ বাৰ্ষিক মুখপত্ৰ আৰু কেইবাটাও স্মাৰক বঁটা প্ৰদান কৰা হয় । লগতে ছাত্ৰছাত্ৰী শিক্ষক কৰ্মচাৰী সকলে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি পৰিবেশ জীপাল কৰি তোলে ।

লগতে পঢ়ক:State Award for Teachers: ৰাজ্যৰ ৩৬ গৰাকী শিক্ষাগুৰুলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

লগতে পঢ়ক:India-Japan Teacher Exchange Programme: ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীলৈ শিক্ষয়িত্ৰী কৰবী গগৈক নিমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.