মৰিয়নী,3 জানুৱাৰীঃ মৰিয়নীত শিল্পী সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ মৰিয়নী শিল্পী সমাজ আৰু মৰিয়নীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বৰষা ৰাণী বিষয়া , অমৃতা গগৈ, গীতিকাৰ সুৰকাৰ জয়ন্ত নাথকে আদি কৰি কেইবাজনো বিশিষ্ট অভিনেতা উপস্থিত থাকে ৷ লগতে উপস্থিত থাকে তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, আঞ্চলিক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অসম আন্দোলনৰ লগত জড়িত মৰিয়নীৰ কেইবাজনো প্ৰাক্তন আছু নেতা ৷
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ছহিদ কেইগৰাকীৰ বাবে এক মিনিটৰ মৌন প্ৰাৰ্থনাৰ পাছতেই ডবা খোল বৰতালৰ মংগল ধ্বনিৰে আৰম্ভণি কৰে প্ৰতিবাদী গণ সমাৱেশ কাৰ্যসূচী ৷ লক্ষণীয়ভাৱে পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণকো আওকাণ কৰি কেইবাশতাধিক লোক উপস্থিত হয় প্ৰতিবাদস্থলীত ৷
আৰু পঢ়কঃ চৰাইদেউত আটক অস্ত্ৰ সৰবৰাহকাৰী