যোৰহাট, 29 ডিচম্বৰঃ যোৰহাটৰ বেকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, বৰহোলা ইকৰানী তিতাবৰ মহকুমা ছাত্ৰ সন্থা তথা বেকাজানবাসী ৰাইজৰ সহযোগত দেওবাৰে গণ সত্যগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সহস্ৰাধিক লোকৰ উপস্থিত বেকাজান ৰাজহুৱা খেল পথাৰত ৰূপায়ন কৰা হয় এই গণ সত্যগ্ৰহ কাৰ্যসূচী ।
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীতে এই কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই । কাৰ্যসূচীত তিতাবৰ মহকুমা সম্পাদক মাধুৰ্য পাঠকে মন্তব্য কৰে যে, আমাৰ গাত অন্তিম টোপাল তেজ থকালৈ আমি প্ৰতিবাদ কৰি যাম । কেন্দ্ৰীয় চৰকাৰে আমাক যি বিদেশী বোজা জাপি দিবলৈ লৈছে তাক আমি কোনো কাৰণে মানি নলও ।
আনহাতে, বেকাজান গাঁৱ পঞ্চায়তৰ সভানেত্ৰীয়ে গণ সত্যাগ্ৰহত অংশ গ্ৰহণ কৰি কয় যে, বিজেপি চৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰা ব্যক্তিসকলৰ চৰকাৰী সা-সুবিধা পৰা বঞ্চিত কৰিলেও ৰাইজে জাতীৰ স্বাৰ্থত চৰকাৰী সা-সুবিধা পৰা বঞ্চিত হলেও আইনখনৰ বিৰুদ্ধে আন্দোলন কৰি যাব বুলি মন্তব্য কৰে ৷
আৰু পঢ়কঃ 2019 বৰ্ষৰ অন্তিমটো 'মন কী বাত' সম্বোধন কৰিব মোডীয়ে