ETV Bharat / state

টীয়কত 'জ্ঞান মাৰ্গ' জাতীয় বিদ্যালয় স্থাপনৰ দিশে ব্যৱসায়ী প্ৰতাপ শইকীয়া

author img

By

Published : Dec 13, 2020, 7:54 PM IST

টীয়কৰ এগৰাকী ব্যৱসায়ীৰ ব্যতিক্ৰমী পদক্ষেপ ৷ সম্পূৰ্ণ নিজা খৰচত নিৰ্মাণ কৰি উলিয়াব লৈছে এখন জাতীয় বিদ্যালয় ৷ ব্যক্তি গৰাকীৰ পদক্ষেপক শলাগ লৈছে অঞ্চলবাসীয়ে ৷

businessmen-in-the-direction-of-setting-up-school-in-teok
টীয়কত 'জ্ঞান মাৰ্গ' জাতীয় বিদ্যালয় স্থাপনৰ দিশে ব্যৱসায়ী প্ৰতাপ শইকীয়া

টীয়ক, 13 ডিচেম্বৰ : দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে ৷ এই মূলমন্ত্ৰকে লৈ যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীত সম্পূৰ্ণ বিনামূলীয়াকৈ এখন জাতীয় বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে যোৰহাট জিলাৰ টীয়কৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজ সেৱক প্ৰতাপ শইকীয়াই ।

businessmen-in-the-direction-of-setting-up-school-in-teok
কলিয়াপানীস্থিত বাসগৃহত বিদ্যালয়খন আৰম্ভ কৰাৰ ক্ষেত্ৰত অনুষ্ঠিত কৰা সভা

2021 বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয়খন । 'জ্ঞান মাৰ্গ' জাতীয় বিদ্যালয় নামেৰে নামাকৰণ কৰা বিদ্যালয়খনত বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰাধান্য দিয়া হ'ব বুলি জানিবলৈ দিয়ে । সম্পূৰ্ণ বিনামূলীয়াকৈ স্কুলীয়া সাজ-পাৰ, কিতাপ-পত্ৰকে আদি কৰি সকলো সঁজুলিৰ সমান্তৰালকৈ বিদ্যালয়ত নিয়োজিত শিক্ষক-কৰ্মচাৰীৰ পাৰিতোষিক পৰ্যন্ত নিজৰ ব্যৱসায়ৰ লাভাংশৰ পৰা যোগান ধৰিব বুলি মন্তব্য কৰে ব্যৱসায়ী গৰাকীয়ে ৷

লগতে পঢ়ক : কি ক'লে জিএছপিৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী ঘনশ্যাম দাসে ?

উল্লেখযোগ্য যে, বিদ্যালয়খন আৰম্ভ কৰাৰ প্ৰাকক্ষণত দেওবাৰে কলিয়াপানীস্থিত বাসগৃহত বিদ্যালয়খন আৰম্ভ কৰাৰ ক্ষেত্ৰত কেতবোৰ দিশৰ ওপৰত এখন সভা অনুষ্ঠিত কৰে ৷ সভাত টীয়ক অঞ্চলৰ বহু সংখ্যক শিক্ষাবিদ, জাতীয় সংগঠন নেতা তথা ৰাইজ উপস্থিত থাকি বিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত বিশেষ আলোচনাত মিলিত হয় ৷ লগতে, বিদ্যালয় প্ৰতিষ্ঠাৰ আগমুহূৰ্তত অনুষ্ঠিত এই ৰাজহুৱা সভাত এখন পূৰ্ণাংগ বিদ্যালয় পৰিচালনা সমিতিৰো গঠন কৰা হয় ।

লগতে পঢ়ক : BTR আৰু TAC নিৰ্বাচন শাসকীয় দল বিজেপিৰ বাবে টেষ্ট পৰীক্ষাহে: ৰণজিত কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.