যোৰহাট, ১৬ অক্টোবৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসম সন্তান অভিজিত বৰুৱাক লৈ এতিয়া ৰাজ্যৰ লগতে জন্মস্থান যোৰহাটতো অনাবিল আনন্দ । অভিজিতৰ এই সাফল্যত গৌৰৱান্বিত হৈ বিভিন্ন দল-সংগঠনে আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন (Boxer Abhijit Barua Felicitated at Jorhat) কৰিছে ।
যোৰহাট মুক্তি যোদ্ধা ভৱনত জিলা কেন্দ্ৰীয় পুজা সম্বন্ধয়ৰক্ষী সমিতিয়ে (Jorhat Central Puja Committee Felicitated boxer) অসমীয়াৰ স্বাভিমান গামোচা, চেলেং চাদৰ, প্ৰংশসাপত্ৰ আৰু শৰাই আদিৰে অভিজিতক শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । আনহাতে উক্ত সম্বৰ্ধনা গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ অভিজিত বৰুৱাই কয় যে ৰাইজ মৰম-আৰ্শীবাদে তেওঁক আগৱাঢ়ি যাবলৈ অধিক উৎসাহিত কৰে । লগতে যোৰহাট কেন্দ্ৰীয় পূজা সম্বন্ধয়ৰক্ষী সমিতিয়ে এই মৰম দিয়া বাবে তেওঁলোকক কৃতজ্ঞতা জনায় ।
আনহাতে, আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী বক্সিঙত সাফল্য সন্দৰ্ভত বক্সাৰ বৰুৱাই কয় যে অসমবাসী ৰাইজৰ মৰম-আৰ্শীবাদে তেওঁক যথেষ্ট প্ৰেৰণা দিয়ে । যেতিয়া জয় আই অসম ধ্বনি প্ৰতিফলিত হয় তেতিয়া তেওঁৰ গাত অধিক শক্তি সঞ্চাৰ হয় আৰু জয় আই অসম ধ্বনিয়ে দেশমাতৃক সেৱা কৰাৰ বাবে উৎসাহিত কৰে ।
উল্লেখ্য যে, পৰৱতী খেলসমূহৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে অভিজিত বৰুৱা । আন্ত:ৰাষ্ট্ৰীয় পেছাদাৰী বক্সিং প্ৰতিযোগিতাত অভিজিতে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি দেশ মাতৃ নাম বিদেশৰ মাটিত সোণালী আখৰেৰে লিপিবদ্ধ কৰে ।
ভাৰতক প্ৰতিনিধিত্ব কৰি পুনৰ অসমৰ নাম জিলিকাই তোলা অভিজিত বৰুৱা থাইলেণ্ড আৰু বাংলাদেশৰ খেলুৱৈক পৰাস্ত কৰি পেছাদাৰী বক্সিঙত উজ্বলি উঠাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক চিনাকী নাম । সৰুৰে পৰাই খেলৰ প্ৰতি ধাউতি থকা অভিজিতে খালী ভৰিৰে খোজ কাঢ়ি গ্ৰীণিজ ৱ'ৰ্ল্ড ৰেকৰ্ড (Greenies World Records) গঢ়িছিল ।
ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা অনবদ্য প্ৰদৰ্শন আৰু একাগ্ৰতাৰ বলত অসম আৰক্ষীত চাকৰি লাভ কৰা বৰুৱাই সেই লোভনীয় চাকৰি ত্যাগ কৰি পেছাদাৰী বক্সিঙত মনোনিৱেশ কৰি আজি বিশ্ব দৰৱাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক:Zubeen Garg Program in Morigaon : জুবিজু ন গাৰ্গৰৰ্গ অনুষ্ঠানত পুনৰ অপ্ৰীতিকৰ পৰিস্থিত