ETV Bharat / state

মৰিয়নীৰ নকছাৰি খাটিচোনাত পুনৰ এটা মৃতদেহ উদ্ধাৰ - Mariani murder case

কিছুদিন পূৰ্বে মৰিয়নীৰ নকছাৰি খাটিচোনাত এটা পৰিয়ালক নৃশংসভাৱে কোনো লোকে হত্যা কৰিছিল (Mariani murder case)। সেই হত্যাৰ অভিযুক্ত লোকজনৰ মৃতদেহ উদ্ধাৰ । গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো । দুয়োটা ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।

Mariani
মৰিয়নীৰ নকছাৰি খাটিচোনাত পুনৰ এটা মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 7, 2022, 11:53 AM IST

যোৰহাট,৭ জুলাই : যোৰহাটৰ মৰিয়নীৰ নকছাৰি খাটিচোনাত পুনৰ এটা মৃতদেহ উদ্ধাৰ (Body recovered in Mariani)। গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো । কিছু পৰিমাণে উৱলি গৈছে মৃতদেহটো । মৃত লোকজন তৰুণ দাস বুলি সন্দেহ কৰিছে স্থানীয় লোকে ।

একেটা স্থানতে কিছুদিন পূৰ্বে এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল (Murder case at Mariani)। সেই হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে সন্দেহ কৰা হৈছিল তৰুণ দাস নামৰ এই লোকজনক । কিন্তু অভিযুক্তৰে এনেদৰে মৃতদেহ উদ্ধাৰ হোৱাত এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Body of murder accused recovered in Mariani)।

মৰিয়নীৰ নকছাৰি খাটিচোনাত পুনৰ এটা মৃতদেহ উদ্ধাৰ

কিছুদিন পূৰ্বে সেই স্থানৰ সমীপতে এটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছিল । ঘৰৰ ভিতৰতে অৰ্ধনগ্ন অৱস্থাত দুগৰাকী মহিলাসহ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ খাটিচোনাৰ জীৱন লাহন নামৰ এজন লোকৰ ইটা ভাটাৰ ৰখীয়া হিচাপে আছিল পৰিয়ালটো । মহিলা দুগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছিল স্থানীয় লোকে ৷

ঘটনাৰ পাছতে দেবেৰাপাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল । যোৰহাট জিলা আৰক্ষী অধীক্ষক মোহন লাল মিনাও ঘটনাস্থলীত উপস্থিত হৈ দোষীক শীঘ্ৰে কৰায়ত্ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু আৰক্ষীয়ে ঘটনাৰ দোষীক আটক কৰাত ব্যৰ্থ হয় ।

তৰুণ দাস নামৰ লোকজনক ঘটনাৰ মূল অভিযুক্ত হিচাপে সন্দেহ কৰা হৈছিল যদিও তেওঁ দীৰ্ঘদিন ধৰি পলাতক আছিল । ইফালে ৰাইজে সন্দেহ কৰা মতে যদি বুধবাৰে নিশা চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো তৰুণ দাসৰ হয় তেনেহ'লে এই ঘটনাই অন্য দিশে গতি কৰিব । যিহেতু মৃতদেহটোৰ মুখমণ্ডল উৱলি গৈছে সেয়ে এতিয়া আৰক্ষী তথা স্থানীয় লোকৰ বাবে চিনাক্তকৰণতো কিছু অসুবিধা হৈছে ।

এতিয়া প্ৰশ্ন হয়, যদিহে সেই মৃতদেহ তৰুণ দাসৰে হয় তেনেহ'লে তেওঁ কিয় আত্মহত্যা কৰিলে ? আনহাতে একাংশ লোকে সন্দেহ কৰা মতে এয়া আত্মহত্যা নহয়, কোনো লোকে হত্যা কৰি তেনেদৰে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে । যদি এই কথাই সঁচা হয় তেনেহ'লে পূৰ্বে সংঘটিত হোৱা হত্যাকাণ্ড আৰু এই ঘটনাৰ লগত কিবা সম্পৰ্ক আছে নেকি ? দুয়োটা ঘটনাতে কোনো তৃতীয় পক্ষ জড়িত নেকি ? এই ধৰণৰ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে স্থানীয় লোক আৰু আৰক্ষীৰ মনত । অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে ঘটনাৰ ৰহস্য পোহৰলৈ আহিব বুলি ৰাইজে আশা কৰিছে ।

লগতে পঢ়ক : নৃশংস ! দাৰে ঘপিয়াই হত্যা এটা পৰিয়ালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.