ETV Bharat / state

Body recovered in Jorjat:যোৰহাটত ৰহস্যজনকভাৱে শুৱনি কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:57 PM IST

যোৰহাটত উদ্ধাৰ মহিলাৰ মৃতদেহ । সমগ্ৰ ঘটনাটোৱে তীব্ৰ ৰহস্যৰ সৃষ্টি কৰিছে ।

Body recovered in Jorjat
যোৰহাট নগৰত উদ্ধাৰ হৈছে মৃতদেহ
যোৰহাট নগৰত উদ্ধাৰ হৈছে মৃতদেহ

যোৰহাট, ১৬ ছেপ্টেম্বৰ: যোৰহাট নগৰত এটা পিছত এটাকৈ উদ্ধাৰ হৈছে মৃতদেহ । এনেদৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলাখনৰ সকলো লোককে এতিয়া ভবাই তুলিছে । ইয়াৰ মাজতেই শনিবাৰে যোৰহাট নগৰৰ সমীপৱৰ্তী বাজবাৰীত সংঘটিত হৈছে ৰহস্যজনক মৃত্যু ঘটনা । এগৰাকী মহিলাৰ উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্র চাঞ্চল্যৰ ।

ঘটনাৰ বিৱৰণি অনুসৰি ২০১৮ চনৰ পৰা বাজবাৰীৰ এটা অট্টালিকাত স্বামী- স্ত্ৰীয়ে পৃথকে পৃথকে বাস কৰি আহিছিল । স্বামী থাকে প্ৰথম মহলাত আৰু দ্বিতীয় মহলাত বাস কৰে অসুস্থ পত্নীয়ে । কিন্তু আজি পুৱা উদ্ধাৰ হয় মহিলাগৰাকী মৃতদেহ । উক্ত ঘটনা প্ৰসংগত স্থানীয় ৰাইজে কয় যে এই অট্টালিকাটোৰ ওপৰ মহলাৰ কোঠাৰ পৰাৰ দুৰ্গন্ধ বিয়পি পৰাৰ পিচতো তেওঁৰ স্বামীয়ে গমেই পোৱা নাছিল । স্থানীয় ৰাইজেৰ সন্দেহ ওপজাত ৰাইজে আৰক্ষীক খৱৰ দিয়ে । পিচত আৰক্ষী উপস্থিত হোৱাত স্থানীয় ৰাইজে প্ৰথম মহলাৰ কোঠা খুলি মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্য়ক্ষ কৰে ।

ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকীৰ নাম মিনু ঘোষ । কি পৰিস্থিতিত মহিলাগৰাকীৰ মৃত্যু হ'ল সেয়া এক ৰহস্য হৈ পৰিছে । ইয়াৰ পিচতে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । মহিলাগৰাকীৰ মৃত্যু স্বাভাবিক নে পৰিকল্পিত হত্যা সেয়া আৰক্ষীৰ তদন্তহে স্পষ্ট হৈ পৰিব ।

আনহাতে,মৃত মহিলাগৰাকীৰ স্বামীয়ে উল্লেখ কৰা মতে তেওঁৰ পত্নী মানসিকভাৱে ভাৰক্ৰান্ত ৰোগী আছিল। সেইবাবে অসম বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰতো চিকিৎসা ব্যৱস্থা কৰিছিল । কিন্তু লাহে লাহে মহিলাগৰাকীয়ে চিকিৎসকে প্ৰদান কৰা ঔষধ আৰু নিয়মাৱলী সমূহ অৱেহলা কৰিবলৈ লৈছিল বুলি তেওঁ কয় । ফলত দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে । মৃত মহিলাগৰাকী ডাকঘৰৰ অৱসৰপ্ৰাপ্ত বিষয়া আছিল ।

লগতে পঢ়ক:ATTSA protest against Assam Govt : ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দেৰগাঁৱত বাগিছাই বাগিছাই আটছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.