ETV Bharat / state

সময়ৰ সোঁতত হেৰাই যাব নেকি টুলুঙা নাও ? - শালমৰা

নৈপৰীয়া ৰাইজৰ একমাত্ৰ সম্বল এখন নাও । এই নাওখনক লৈ ৰঙীন জীৱনৰ সপোন দেখা নৈ-পৰীয়া ৰাইজসকল এতিয়া চিন্তিত হৈ পৰিছে । কিয়নো সময়ৰ সোঁতত হেৰাই যাব উলাইছে তেওঁলোকৰ একমাত্ৰ সম্বলৰ নাওখন ।

নৈপৰীয়া ৰাইজৰ একমাত্ৰ সম্বল এখন নাও
author img

By

Published : Jul 6, 2019, 6:22 PM IST

যোৰহাট,৬জুলাই : যোৰহাটৰ ইণ্ডিৰা আদৰ্শ গাঁওবাসীৰ একমাত্ৰ ভৰষা টুলুঙা নাও । নাওখনতেই যেন নিহিত হৈ আছে ভৱিষ্যতৰ ৰূপোৱালি সপোন । বৃহত্তৰ অঞ্চলবাসীৰ উপাৰ্জনৰ একমাত্ৰ ভৰষা টুলুঙা নাও । অঞ্চলবাসীয়ে নিৰ্মাণ কৰা নাওসমূহ অসমৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰা হয় । আনকি এই অঞ্চলটোত নিৰ্মাণিত নাও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো যোগান ধৰা হৈছিল । কিন্তু এই নৈপৰীয়া ৰাইজৰ একমাত্ৰ সম্বলৰ নাওখন এতিয়া হেৰাই যোৱাৰ পথত । নাও নিৰ্মাণৰ বাবে নৈপৰীয়া ৰাইজৰ অভাৱ মূলধনৰ । কোনো মতে দিন-হাজিৰা কৰি পোৱা ধনেৰেই শিল্পীসকলে নিৰ্মাণ কৰি গৈছে নাও । এতিয়া চৰকাৰলৈ অনুৰোধ নৈপৰীয়াবাসীৰ । টুলুঙা নাও সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে ।

নৈপৰীয়া ৰাইজৰ একমাত্ৰ সম্বল এখন নাও

উল্লেখ্য যে, ২০০২ চনত মাজুলীৰ শালমৰাত হোৱা প্ৰলয়ংকাৰী বানত বিধস্ত হোৱা এই লোকসকলক ২০০৪চনত যোৰহাটৰ ইণ্ডিৰা আদৰ্শ গাঁৱত সংস্থাপন দিছিল চৰকাৰে ।

নৈপৰীয়া সমাজৰ জীৱনৰ জীৱিকাৰ একমাত্ৰ সম্বল নাও শিল্প এলাগী হোৱাৰ দিশত।।যোৰহাটৰ ইন্ডিৰা আৰ্দশ গাৱত হতাশাৰ হা-হুমুনিয়াহ।।।চাওক আমাৰ এক প্ৰতিবেদন।।

নাও লৈ আনিম গৈ বুকাৰে পদুমি
সাতুৰি আনিম গৈ তোক।।

AV=হয় জনপ্ৰিয় জুবিনৰ গীতৰ দৰে সুন্দৰ ছৱি এতিয়া মাথোঁ গীততহে দেখা পোৱা যায়।কিন্তু যোৰহাটৰ এখন গাৱত নাও শিল্পৰ এতিয়া তিলতিল কৈ আছে জীয়াই।।

টুলুঙা নাওখনেই হৈছে নৈপৰীয়া ৰাইজৰ জীৱন জীৱিকাৰ একমাত্ৰ সম্বল।নাওখনেই যেন নিহিত হৈ আছে ভৱিষ্যতৰ ৰূপোৱালী সপোন।কিন্তু ক্ৰমান্বয়ে এলাগী হোৱাৰ দিশত বুৰঞ্জী প্ৰসিদ্ধ নাও- শিল্প।

VO1:-নাও।নৈপৰীয়া ৰাইজৰ আতাইতকৈ গুৰুত্বপূৰ্ণ যাতায়তৰ সম্বল।বাৰিষাৰ দিনত প্ৰতিটো নৈপৰীয়া পৰিয়ালৰ বাবে নাওখনেই হৈ পৰে এগৰাকী বিশ্বত্ব সদস্যৰ দৰে।নাওখন নহলে যেন চৰুৰ তলত নজ্বলে জুই।কিন্তু নাও-শিল্পৰে জড়িত সকলৰ জীৱন নিৰ্বাহ প্ৰণালী দেখিলে চকুলো নিগৰি আহিব।যোৰহাটৰ ইন্ডিৰা আৰ্দশ গাৱৰ দৃশ্য।মাজুলীৰ শালমৰাত ২০০২ চনৰ প্ৰলংকাৰী বানত সৰ্বস্ত হেৰাই এইসকল লোকক ৰজাঘৰীয়াই পুনৰ সংস্হাপনহে দিলে২০০৪চনত।নিদিলে কোনো জীৱিকাৰ।কেৱল নাও নিৰ্মাণ কৰি নিজৰ পৰিয়াল পোহ-পাল দি আহিছে খাটিখোৱা নৈপৰীয়া ৰাইজে।

byte:1(first part)

vo2=যোৰহাটৰ এইখন আৰ্দশ গাৱৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰা হয় নাও।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড়ৰ কেইটাও সুৰক্ষিত কৰিবলৈ এই গাৱৰ পৰাই যোগান ধৰে নাওখন।মাছুৱৈ,গোৱাল সকলৰো চৰুৰ তলত জুই নজ্বলে এওলোকে যোগান নধৰিল নাওখন।

byte:- 2(part)

EVO:=কিন্তু আনৰ হকে কাম কৰি অহা নাও শিল্পী সকলৰ খৱৰ লবলৈ আহৰি নাই ৰজাঘৰীয়াৰ।চৰকাৰে বহু আচনি ঘোষণা কৰিছে, কিন্তু কোনো আচনীয়ে আজিও স্পৰ্শ কৰিব পৰা নাই এইসকল লোকক।এতিয়া প্ৰশ্ন হয় কেতিয়া ঢুকি পাব চৰকাৰী আচনীয়ে।নে ৰজাঘৰীয়া লোকৰ চকুত পৰিবনে নৈপৰীয়া ৰাইজৰ দুখ দূৰ্দশা।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.