মৰিয়নী, ২২ মে': অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিল বিজেপিৰ চাহ মৰ্চা । অসম চাহ মজদুৰ সংঘই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি চাহ শ্ৰমিকক লগত লৈ আন্দোলন ঘোষণা কৰা কাৰ্যক তীব্ৰ গৰিহণা বিজেপিৰ চাহ মৰ্চাৰ । অসম চাহ মজদুৰ সংঘই কংগ্ৰেছৰ বি টিম হিচাপে কাম কৰি এই সংকটৰ সময়তো ৰাজনৈতিক উদ্দেশ্য সাধন কৰিবৰ বাবে চাহ শ্ৰমিকক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে সংবাদমেল সম্বোধন কৰে বিজেপিৰ চাহ মৰ্চাই ।
![বিজেপি চাহ মৰ্চা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7306572_636_7306572_1590151421630.png)
মৰিয়নীত অনুষ্ঠিত সংবাদমেলত বিজেপি যোৰহাট জিলাৰ চাহ মৰ্চাৰ সভাপতি সঞ্জয় কৃষ্ণ তাঁতীয়ে সম্বোধন কৰা এই সংবাদমেলত বিজেপি যোৰহাট জিলা সমিতিৰ সম্পাদক তথা চাহ মৰ্চাৰ পভাৰী অঞ্জন কুৰ্মী,মৰিয়নী মণ্ডল বিজেপিৰ সভাপতি কৃষ্ণ ভূমিজ, মৰিয়নী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ জ্যেষ্ঠ ভাতৃ তথা বিজেপি চাহ মৰ্চাৰ সদস্য পূৰ্বজ্যোতি কুৰ্মী, চাহ মৰ্চাৰ সদস্য দীনেশ গঞ্জুকে আদি কৰি কেইবাজনো বিজেপিৰ কাৰ্যকর্তা উপস্থিত থাকে ।
সংবাদমেলত কয় যে, চৰকাৰে এই কৰ'ণা মহামাৰীৰ সময়ত কাৰখানা আইনৰ অধীনত তিনি মাহৰ বাবে কামৰ সময় 12 ঘণ্টাৰ সন্দৰ্ভত যি এক নিৰ্দেশনা জাৰি কৰিছে তাত কতো চাহ শ্ৰমিকৰ কথা উল্লেখ নাই । অসম চাহ মজদুৰ সংঘই ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাক চাহ শ্ৰমিক সকলৰ আগত অপবাখ্যা কৰাৰ কথা উল্লেখ কৰে সঞ্জয় তাঁতীয়ে । লগতে অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিক সকলক বিপথে পৰিচালিত কৰি 22 তাৰিখৰ পৰা বাগিছা সমূহত আন্দোলন কাৰ্যসূচী ঘোষণা কৰা কাৰ্য সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিযোগ উত্থাপন কৰে ।
বিজেপিৰ চাহ মৰ্চাই অসম চাহ মজদুৰ সংঘক এনে অপবাখ্যাৰে চাহ শ্ৰমিকক প্ৰতাৰণা কৰা কাৰ্যক গৰিহণা দিয়ে । আনহাতে বিজেপি চাহ মৰ্চাই অসম চাহ মজদুৰ সংঘক বৰ্তমানৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আন্দোলনৰ পৰা বিৰত থাকি বিভাগীয়ভাবে আলোচনা মাধ্যমৰে সমস্যাৰ সমাধানৰ বাবে আহ্বান জনায় ।