যোৰহাট, ১৫ নৱেম্বৰ : Modi@20_dreams_Mee_Delivery নামৰ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন যোৰহাট বিজেপিৰ । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিভিন্ন পদক্ষেপ আৰু কাৰ্যক্ৰম সন্নিৱিষ্ট হৈছে উক্ত গ্ৰন্থখনত (Book on Narendra Modi published) । উল্লেখ্য, ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা তাৰকাগৃহৰ সভাকক্ষত "Modi@20_dreams_mee_delivery" শীৰ্ষক এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান আয়োজন কৰাৰ হয় (BJP Jorhat published book on Modi) ।
উক্ত গ্ৰন্থ উন্মোচনী সভা বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই (Book inauguration programme in Jorhat) । বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যক্ৰমণিকা সামৰি লিখি উলিওৱা Modi@20_dreams_mee_delivery শীৰ্ষক ইংৰাজী ভাষাত প্ৰণয়ন কৰা গ্ৰন্থখন উন্মোচন কৰা হয় (PM Narendra Modi) ।
বিজেপি যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে আঁত ধৰা উক্ত গ্ৰন্থ উন্মোচনী সভাখনত ভাৰতীয় চাহ বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ তথা চাহ খেতিয়ক প্ৰভাত কমল বেজবৰুৱা, উদ্যোগপতি ওম প্ৰকাশ গাট্ৰানি, দৈনিক জনমভূমি কাকতৰ সাংবাদিক শাংকব কৌশিক বৰুৱা, নৃত্যশিল্পী অঞ্জলি বৰবৰা, অসম গৌৰৱ উপাধিৰে বিভূষিত আকাশ গগৈ, যোৰহাট মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সৌমিত্ৰ পুজাৰীয়ে modi@20_dreams_mee_delivery শীৰ্ষক গ্ৰন্থখন সমূহীয়াভাৱে উন্মোচন কৰে (Book on PM Narendra Modi works) ।
গ্ৰন্থ উন্মোচনী সভাত ভাষণ প্ৰদান কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই (MP Kamakhya Prasad Tasa) কয়, "বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ মোদী এক অনুষ্ঠানলৈ পৰিণত হৈছে ।" উক্ত গ্ৰন্থখনত বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যকালত আৰু তেওঁৰ সুপৰিকল্পনাত দেশে আত্মনিৰ্ভৰশীল, ৰপ্তানি ব্যৱস্থা হ্ৰাসৰ ক্ষেত্ৰত পদক্ষেপ, সমগ্ৰ বিশ্বত দেশে আধিপত্য বিস্তাৰ কৰা আদি বিভিন্ন বিষয়বস্তুৱে প্ৰাধান্য পাইছে ।
কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উক্ত গ্ৰন্থখনত মোদীৰ জীৱন আৰু কাম কৰাৰ শৈলীৰ আধাৰত কেইবাটাও লেখনি আগবঢ়াইছে । Modi@20_dreams_mee_delivery নামৰ গ্ৰন্থখনক ইতিমধ্যে দেশবাসীয়ে আদৰি লৈছে ।
লগতে পঢ়ক :Dhula Teenager Murder Case: তিনি অভিযুক্ত চিকিৎসকৰ জামিন মঞ্জুৰ