টীয়ক, 9 জুলাই: আৰক্ষী থানাৰ সন্মুখতে নাই যান-বাহনৰ নিৰাপত্তা ৷ এইবাৰ থানাৰ সন্মুখৰ পৰাই চুৰিকাৰ্য চলাই গৈছে চোৰে ৷ চাকৰি বিচাৰি হাবাথুৰি খোৱা এহাল যুৱক এতিয়া টীয়ক আৰক্ষী থানাত (Teok Police Station) হাবাথুৰি খাবলগীয়া হৈছে নিজৰ হেৰোৱা বাইক বিচাৰি ।
অসম চৰকাৰৰ চাকৰিৰ আবেদন অনলাইনত পুৰাবৰ বাবে টীয়কৰ বনাই ৰবি বৰুৱা গাঁৱৰ যুৱক হেমন্ত বৰুৱাৰ পুত্ৰ অৰিন্দম বৰুৱাই চুপাৰ স্প্লেণ্ডাৰ মটৰচাইকেলখনত বন্ধু শান্তনু বৰুৱাক লৈ হেপাহেৰে আহিছিল টীয়ক নগৰলৈ (Bike stolen from Teok) । নগৰৰ চেলেংহাট পথৰ দাঁতিত AS-03-AA-7055 নম্বৰৰ মটৰচাইকেলখন ৰখাই এখন কেফেত দুই বন্ধুৱে অনলাইন কৰাত ব্যস্ত হৈ পৰিল ।
কিন্তু কাম সমাপ্ত কৰি আহি নিদিৰ্ষ্ট স্থানত মটৰচাইকেলখন নেদেখি হতবম্ব দুই যুৱক । লগে লগে থানাত উপস্থিত হৈ এজাহাৰ দিলে । পিছে থানালৈ আহি দুয়োৰে মনটো আৰু ভাগিহে পৰিল কিয়নো কালি দুপৰীয়াও টীয়কৰ নগৰৰ মাজমজিয়াৰ পৰা AS-03-P-9805 নম্বৰৰ এখন গ্লেমাৰ মটৰচাইকেল চুৰি হৈছিল । এই কথা জানিব পাৰি হতাশ হৈ পৰিছে দুয়ো যুৱক ৷ আৰক্ষীক মটৰচাইকেলখন উদ্ধাৰ কৰিবলৈ কাতৰ অনুৰোধ যুৱক দুজনৰ ।
উল্লেখযোগ্য যে দুদিনত দুখনকৈ মটৰচাইকেল এইদৰে দিন দুপৰতে আৰক্ষী থানাৰ সমীপৰ পৰা চুৰি হোৱা ঘটনাই টীয়ক আৰক্ষীৰ অৰ্কমন্যতা প্ৰমাণ কৰিছে ।
লগতে পঢ়ক: বাইক চুৰি কৰি আৰক্ষীৰ জালত গভাইত চোৰ