যোৰহাট,৪ নৱেম্বৰ: ৰাজ্যৰ চৌদিশে এতিয়া ভক্তিৰ বন্দনা । শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সমান্তৰালভাৱে আৰম্ভ হৈ আছে ভাওনা আৰু ভাওনা সমাৰোহ(Bhauna Xamaroh observed in Jorhat) । মহাপুৰুষ শংকৰদেৱ আৰু মাধদেৱৰ মহানবাণীক সৰোগত কৰি বৃহত্তৰ কাছগড়ালবাসীৰ ৰাইজে ৩০ অক্টোবৰৰ পৰাৰ ৫ নৱেম্বৰলৈ আয়োজন কৰিছে ভাওনা সমাৰোহৰ । বৃহত্তৰ কাছগড়াল ভাওনা সমাৰোহে এইবাৰ তৃতীয় বৰ্ষত ভৰি দিছে ।
২০১৩ বৰ্ষৰ পৰাৰ কাছগড়ালবাসীৰ ৰাইজে ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছে । বিগত সময়ছোৱাত ক’ভিড মহামাৰীৰ সন্ত্ৰাসৰ বাবে ৰাইজে ভাওনা সমাৰোহ অনুষ্ঠিত কৰিব পৰাৰ নাছিল । ভাওনা সমাৰোহৰ সম্পৰ্কত পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়াই কয় যে, সমাজ এখনক সুস্থিৰ, শান্তি প্ৰতিষ্ঠাৰ আৰু সকলোকে একতাৰে বান্ধি ৰখাৰ প্ৰথম প্ৰয়াসে হৈছে ভাওনা ।
যোৰহাট জিলাৰ লগতে দাতিকাষৰীয়া গোলাঘাট আৰু শিৱসাগৰ জিলাৰ ভাওনা দলসমূহে কাছগড়ালত অনুষ্ঠিত হৈ থকা ভাওনা সমাৰোহত অংশগ্ৰহণ কৰিছে । উক্ত ভাওনা সমাৰোহ উপভোগ কৰিবলৈ দিনৰ ভাগৰ পৰাই ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰাৰ দেখিবলৈ পোৱা গৈছে । সকলো মাথো আহিছে এখন পিছত অনুষ্ঠিত হৈ থকা ভাওনা উপভোগ কৰিবলৈ ।
বৃহত্তৰ কাছগড়ালৰ আকাশে বতাহে ভাহি উঠিছে বিভিন্ন জন ভাওৰীয়া সংলাপ আৰু ভক্তিবাণী । উল্লেখযোগ্য যে দুটা বছৰ বিৰতিৰ অন্তত ৰাজ্যবাসীয়ে মুক্ত মনেৰে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰিছে । কাৰণ বিগত দুটা বছৰৰ ক’ভিড মহামাৰীৰ বাবে ৰাজ্যবাসীয়ে মুক্ত মনেৰে ধৰ্মীয় কাম কাজ কৰাত বাধা আহি পৰিছিল । এতিয়া ক’ভিড মুক্ত সেয়েহে ৰাজ্যত আকাশে বতাহে গুঞ্জৰিত হৈছে ৰাস-ভাওনাৰ সংলাপ আৰু ভক্তিৰসৰ বাণী ।
লগতে পঢ়ক: Teacher irregularities : ১০ বজাৰ পাছতো বিদ্যালয়লৈ নাহে ছাৰ-বাইদেউ