ETV Bharat / state

নিৰাশাৰ মাজতো ফাগুনে কঢ়িয়াই আশাৰ বতৰা - কুঁহিপাত

চঞ্চলা ফাগুন,উন্মনা ফাগুন ৷ শিমলু ,মদাৰ,পলাশৰ ৰঙেৰে ৰাঙলী ফাগুন ৷ ফাগুনৰ বিদায়ৰ লগে লগে সেউজী সাজ পিন্ধি নতুনক আদৰিবলৈ সাজু হয় প্ৰকৃতি ৷

ফাগুনে কঢ়িয়াই আশাৰ বতৰা
ফাগুনে কঢ়িয়াই আশাৰ বতৰা
author img

By

Published : Mar 3, 2020, 2:49 PM IST

যোৰহাট, 3 মাৰ্চঃ বাউলী গাভৰুৰ আঁচল উৰুৱাই পিলিঙা ডেকাৰ মন উৰুঙা কৰা এইয়া ফাগুনৰ বতৰ ৷ চঞ্চলা ফাগুন,উন্মনা ফাগুন ৷ শিমলু,মদাৰ,পলাশৰ ৰঙেৰে ৰাঙলী ফাগুন ৷ কোনোৱে ফাগুনক বদনামী ক'ব খুজিলেও আন কোনোৱে আকৌ ফাগুনৰ বুকুত বিচাৰি পায় সৃষ্টিৰ সোপান ৷

সৰাপাতে যেনেকৈ ধূলিৰ আখৰেৰে সোঁৱৰণীৰ পৃষ্ঠা লিখে,ঠিক তেনেকৈ লঠঙা বিৰিখৰ ডাল পাতে দিয়ে নতুনৰ আগমনৰ বতৰা ৷ ফাগুনৰ ৰং লাগি ৰাঙলী হয় ছাঁই বৰণীয়া আকাশ ৷

নিৰাশাৰ মাজতো ফাগুনে কঢ়িয়াই আশাৰ বতৰা

বিদায় ক্ষণত ফাগুনে দিয়ে বসন্তৰ বতৰা ৷ ন বৰষুণৰ পাই পোখা মেলিবলৈ ধৰে বিৰিখৰ ডালত কুঁহিপাতে ৷ কুঁহিপাত মানেই সেউজীয়াৰ বতৰা ৷ ফাগুনৰ বিদায়ৰ লগে লগে সেউজী সাজ পিন্ধি নতুনক আদৰিবলৈ সাজু হয় প্ৰকৃতি ৷ ফাগুনেই যেন প্ৰকৃতিক দি যায় এইদৰে নতুন সাজেৰে সজাৰ অৱকাশ ৷

লগতে পঢ়কঃ আকাশীগংগাৰ তীৰৰ নৈসৰ্গিক পৰিৱেশত এহেজাৰ ছাত্ৰ-ছাত্ৰীৰ সূৰ্য নমস্কাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.