ETV Bharat / state

Cheque cloning fraud exposed in Jorhat: জাল চহীৰে চেকযোগে বেংকৰ পৰা টকা উলিয়াই অৱশেষত গ্ৰেপ্তাৰ প্ৰবঞ্চক - জাল চহীৰে চেকযোগে বেংকৰ পৰা টকা

মৰিয়নীত গ্ৰেপ্তাৰ আদ-বয়সীয়া এজন প্ৰবঞ্চক ৷ জাল চহীৰে বেংকৰ পৰা টকা উলিয়াবলৈ আহি আৰক্ষীৰ জালত পৰিল প্ৰবঞ্চকজন (Cheque cloning fraud exposed in Jorhat)৷ মৰিয়নী ষ্টেচন ৰোডৰ নিবাসী মিলন কিশোৰ পাল নামৰ এজন লোকৰ বেংক একাউন্টৰ পৰা প্ৰবঞ্চকজনে জাল চহী মাৰি চেকযোগে লুটি নিছিল কেইবা লাখ টকা ৷

Fraudster arrested for withdrawing money with fake signature in Jorhat
মৰিয়নীত গ্ৰেপ্তাৰ প্ৰৱঞ্চক
author img

By

Published : Jan 12, 2023, 10:11 AM IST

মৰিয়নীত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

যোৰহাট, 12 জানুৱাৰী: সাৱধান ! আপোনাৰ বেংক একাউন্টৰ বিপৰীতে আছে নেকি চেকবুক ? এই চেকবুকখন ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি বাৰু কিমান সচেতন ? চেকবুক ব্যৱহাৰক ক্ষেত্ৰত আপুনি যদি সচেতন নাছিল তেতিয়াহ’লে এতিয়াৰে পৰা আপুনি সচেতন হওঁক ৷ কিয়নো কোনো প্ৰবঞ্চকে আপোনাৰ চেকবুকৰ পৰা চেকপাত সৰকাই সেই চেকত জাল চহী মাৰি আপোনাৰ একাউন্টৰ পৰা প্ৰবঞ্চকে ধন সৰকাই উদং কৰিব পাৰে আপোনাৰ একাউণ্ট (Signature forged in Mariani) ৷

শেহতীয়াকৈ তেনে এজন প্ৰবঞ্চক জালত পৰিল আৰক্ষীৰ ৷ হয়, টকা উলিয়াবলৈ আহি মৰিয়নী আৰক্ষীৰ হাতত ধৰা পৰিল আদ-বয়সীয়া এজন প্ৰবঞ্চক ৷ প্ৰবঞ্চকজনে জাল চহীৰে বেংকৰ পৰা অন্য গ্ৰাহকৰ লক্ষাধিক টকা সৰকাই অৱশেষত মৰিয়নী আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰ এটা প্ৰবঞ্চক । আটকাধীন প্ৰবঞ্চকজনৰ নাম ভাস্কৰ সিং (৬৫) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আৰক্ষীয়ে জানিব দিয়া অনুসৰি, মৰিয়নী ষ্টেচন ৰোডৰ নিবাসী মিলন কিশোৰ পাল নামৰ এজন লোকৰ বেংক একাউন্টৰ পৰা প্ৰবঞ্চকজনে জাল চহী মাৰি চেকযোগে সৰকাইছিল কেইবা লাখ টকা (Bank account holders lose large sums of money) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰিয়নী ষ্টেচন ৰোডৰ নিবাসী মিলন কিশোৰ পাল নামৰ লোকজনৰ লগতে পূৰ্বৰে চিনাকী আছিল ভাস্কৰ সিং নামৰ প্ৰৱঞ্চকজনৰ । পূৰ্বৰ চিনাকী সূত্ৰে ভাস্কৰ সিঙৰ প্ৰায়েই আহ যাহ আছিল মিলন কিশোৰৰ ঘৰলৈ । তাৰেই সুবিধা লৈ ভাস্কৰ সিঙে এদিন সুযোগ বুজি মিলন পালৰ চেক বহীৰ পৰা কেইবাখিলাও চেকপাত চুৰি কৰি লৈ যায় । তাৰ পাছতে মিলন পালৰ মৰিয়নিস্থ ইণ্ডিয়ান বেংকত থকা একাউণ্টটোৰ পৰা জাল চহীৰে চোকযোগে প্ৰবঞ্চকজনে তিনি লক্ষাধিক টকা উলিয়াই নিয়ে (Cheque cloning fraud exposed in Jorhat)।

এই ঘটনা পোহৰলৈ অহাত বেংক কৰ্তৃপক্ষই বিষয়টোৰ তদন্ত কৰি চেকৰ জৰিয়তে টকাখিনি উলিয়াই নিয়া বুলি প্ৰথমে স্পষ্ট কৰে । ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষই বিষয়টোৰ ওপৰত নজৰ ৰাখি আহিছিল ৷ বুধবাৰে ভাস্কৰ সিঙে পুনৰ পাঁচ হাজাৰ টকা উলিয়াবলৈ আহোতেই বেংক কৰ্তৃপক্ষই গোপনে আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে বেংকত আৰক্ষী উপস্থিত হৈ হাতে-লুটে আটক কৰে প্ৰৱঞ্চক ভাস্কৰ সিঙক ।

আৰক্ষীয়ে ইতিমধ্যে ভাস্কৰ সিঙৰ পৰা অমিত সেনগুপ্তা নামেৰে কোনো লোকৰ নামত থকা আন এখন পান কাৰ্ডো উদ্ধাৰ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ভাস্কৰ সিঙে মিলন পালৰ চেকত অমিত সেন গুপ্তাৰ নামেৰে জাল চহী কৰি বেংকৰ পৰা বৃহৎ পৰিমানৰ টকাখিনি উলিয়াই আছিল ।

আৰক্ষীয়ে এই সন্দৰ্ভত মৰিয়নী থানাত 04/23 নম্বৰৰ গোচৰ ৰুজু কৰি IPC 420/406/468 ধাৰাত ভাস্কৰ সিঙক ১১ জানুৱাৰীত গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে উজনি অসমকে ধৰি ৰাজ্যৰ বিভিন্ন বিভিন্ন প্ৰান্তত এতিয়াও সক্ৰিয় হৈ আছে এনে বহু প্ৰৱঞ্চক চক্ৰ । সেয়াহে টকা পইচাকে ধৰি বেংক সম্পৰ্কীয় যিকোনো কাৰ্য সমাপন কৰাৰ আগতে দহবাহ ভাৱক, হওঁক পূৰ্বতকৈ অধিক সাৱধান ৷ অন্যাথা এনে প্ৰৱঞ্চকৰ জালত পৰি সৰ্ব্বস্বান্ত হ’ব পাৰে আপুনিও ৷

লগতে পঢ়ক: Fraud case in Nagaon: প্ৰৱঞ্চনাৰে লুটি নিলে পাঁচ লক্ষাধিক টকা মূল্যৰ সোণৰ গহনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.