টীয়ক,10 জুন : যোৰহাট জিলাৰ টীয়কত সেৱা ভাৰতীয়ে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ ৷ উল্লেখ্য যে, ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ তত্বাৱধানত তথা চেণ্ট্ৰেল কাউন্সিল ফ’ৰ ৰিচাৰ্ছ ইন আয়ুৰ্বেদিক চায়েন্সেছ (Central Council for Research in Ayurvedic Sciences)ৰ দ্বাৰা ক’ভিড (COVID)ত আক্ৰান্ত ৰোগীৰ বাবে প্ৰস্তুত কৰা ‘আয়ুস 64’ (AYUSH 64) নামৰ এক আয়ুৰ্বেদিক ঔষধ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত সমগ্ৰ অসমতে বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰা হৈছে ।
![ayurvedic medicine distribute in teok](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12083200_tnvngh.jpg)
বুধবাৰে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে টীয়কৰ কাৱৈমাৰী, কুমাৰভেটিকে ধৰি কেইবাটাও অঞ্চলত প্ৰায় 40 গৰাকী ৰোগীৰ মাজত ঔষধ বিতৰণ কৰা হয় ৷ ইয়াৰ উপৰিও হোম কোৱাৰেণ্টাইনত থকা বহু লোকৰ অক্সিজেন ক্ষমতা পৰীক্ষা কৰা হয় ।
![ayurvedic medicine distribute in teok](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12083200_gdgd.jpg)
আনহাতে প্ৰয়োজন সাপেক্ষে সেৱা ভাৰতীয়ে আৰু অধিক ঔষধৰ যোগান ধৰিব বুলিও মন্তব্য কৰে সংগঠনটোৰ উদ্যোক্তাসকলে । এই আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰি ইতিমধ্যে ৰোগীসকলে বহু উপশম লাভ কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিলে মাজুলীবাসীয়ে