ETV Bharat / state

Professional boxer Abhijit Baruah: ৪ৰ্থ ৱর্ল্ড চেম্পিয়নশ্বিপলৈ যোৰহাটৰ অভিজিত বৰুৱা - Asian Boxing Council

আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী বক্সিঙত অসম সন্তানৰ অপ্রতিৰোধ্য জয়যাত্রা । ছেপ্টেম্বৰত আফ্রিকাত চতুর্থখন বর্ল্ড চেম্পিয়নশ্বিপত অভিজিত বৰুৱা মুখামুখি হ'ব ১১ বাৰকৈ চেম্পিয়ন ছালেহা মুকালেকৱাৰৰ ।

Avijit Baruha go to 4th World Championship
৪ৰ্থ ৱর্ল্ড চেম্পিয়নশ্বিপলৈ যোৰহাটৰ অভিজিত বৰুৱা
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 6:45 PM IST

৪ৰ্থ ৱর্ল্ড চেম্পিয়নশ্বিপলৈ যোৰহাটৰ অভিজিত বৰুৱা

যোৰহাট,২০ ছেপ্টেম্বৰ: অসমৰ প্রথমজন পেছাদাৰী বক্সাৰৰূপে ৰাষ্ট্রীয় পর্যায়ত সফলতা লাভ কৰাৰ পাছত এইবাৰ চতুৰ্থখন আন্তঃর্জাতিক মেচ খেলিবৰ বাবে আফ্রিকালৈ ওলাইছে যোৰহাটৰ অভিজিত বৰুৱা । অহা ২৯ ছেপ্টেম্বৰত অভিজিতে আফ্রিকাৰ দেশ তাঞ্জানিয়াৰ দাৰদা ইছলামত অনুষ্ঠিত হ'ব লগা চতুর্থখন আন্তঃর্জাতিক মেচত প্রতিদ্বন্দ্বী ছালেহা মোকালেকৱাৰ বিৰুদ্ধে মুখামুখি যুঁজত অবতীর্ণ হ'ব ।

উল্লেখ্য যে ইয়াব পূর্বে অভিজিতে আন্তর্জাতিক মেচত থাইলেণ্ডৰ বামদেব ঝুম্পাক পৰাস্ত কৰি ১১ বাৰকৈ চেম্পিয়নৰ খিতাপ অর্জন কৰা ছালেহা মোকালেকৱাৰ মুখামুখি হোৱাৰ যোগ্যতা অর্জন কৰে । বিশ্ব বক্সিং পৰিষদ আৰু এচিয়ান বক্সিং পৰিষদৰ অধীনত হোৱা পেছাদাৰী বক্সিং প্রতিযোগিতাত অসম সন্তান অভিজিতে এতিয়ালৈকে অপ্ৰতিৰোধ্য অপৰাজেয় যাত্রা অব্যাহত ৰখাৰ লগতে তিনিখনকৈ মেছত নকআউট কৰিছে বিপক্ষক ।

আন্তঃর্জাতিক পৰ্যায়ৰ পেছাদাৰী বক্সিঙত জীৱনৰ প্ৰথমখন খেলৰ প্ৰথম ৰাউণ্ডতে দিল্লীৰ হিতেশ কাচানক মাত্র ১০ চেকেণ্ডত নক আউট কৰি চমকপ্রদ কেৰিয়াৰ আৰম্ভ কৰিছিল এইজন আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন বক্সাৰে । ইয়াৰ পিছত আৰু পাছলৈ ঘূৰি চাব লগা হোৱা নাই অভিজিতে । ইয়াৰ পাছতে উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা ছিৰিজৰ দ্বিতীয় ৰাউণ্ডত শিৱম তিৱাৰীক আৰু তৃতীয় ৰাউণ্ডত থাইলেণ্ডৰ বামদেৱ ঝুম্পাক পৰাজিত কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অভিজিতে পেছাদাৰী বক্সিঙত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় ।

যোৱা দুমাহ ধৰি দুপৰ নিশা পর্যন্ত কঠোৰ অনুশীলনত ব্যস্ত হৈ থকা অভিজিতে অহা ২৪ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা দক্ষিণ আফ্রিকালৈ ৰাওনা হ'ব । তেওঁৰ লগত সংগ দিব প্রফেছনেল বক্সিং ইণ্ডিয়াৰ (পি বি আই) প্রমোটাৰ জয়সিং শ্বেখাৱটে । যোৰহাটৰ সু-সন্তান অসম গৌৰৱ অভিজিতে ইয়াৰ পূৰ্বে ২০১১ চনত খালী ভৰিৰে ২৪ ঘণ্টাত ১৫৬.০২ কিলোমিটাৰ দৌৰি গিনিজ বুক ৱ'ৰ্ল্ড ৰেকৰ্ড কৰি খ্যাতি অর্জন কৰিছিল । ইয়াৰ উপৰি অভিজিতে বিভিন্ন ক্ষেত্রত ১৭ টাকৈ বিশ্ব অভিলেখ স্থাপন কৰি অসম মাতৃৰ নাম উজ্জ্বলাই থৈছে । পুনৰ অন্তঃৰাষ্ট্ৰীয় পেছাদাৰী বক্সিঙত উজলি উঠক অভিজিৎ বৰুৱা এয়াই এতিয়া সকলোৰে আশা ।

লগতে পঢ়ক: Electricity Bill : দুলীয়াজানত আজৱ ঘটনা, বিদ্যুৎ সংযোগ নথকা ঘৰতো আহিল হাজাৰ টকাৰ বিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.