ETV Bharat / state

Paid holiday in Karam Puja: কৰম পূজাত পেইড হলিডে’ আৰু বাগিচাত নিষিদ্ধ বিজেপি; ধীৰাজ গোৱালাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 2:31 PM IST

বিজেপি বিৰুদ্ধে জাগি উঠিছে চাহ জনগোষ্ঠীয় সমাজ ৷ বিজেপিয়ে চাহ শ্ৰমিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে বিবেচনা কৰাৰ অভিযোগ ৷ চৰকাৰৰ এখন জাননীক লৈ এতিয়া সৰব হৈ পৰিছে চাহ জনগোষ্ঠীয় সংগঠনসমূহ ৷ উজনিৰ বাগিচাসমূহত নিষিদ্ধ ঘোষণা কৰা হৈছে বিজেপিক ৷ কৰম পূজাৰ দিনটো পেইড হলিডে’ হিচাবে ঘোষণা কৰা সন্দৰ্ভত আটছাৰ সভাপতি ধীৰাজ গোৱালাৰ সৈতে এক সাক্ষাৎকাৰ ৷

Dhiraj Gowala reacts on Karam Puja
পেইড হলিডে' সন্দৰ্ভত ধীৰাজ গোৱালাৰ সৈতে এক সাক্ষাৎকাৰ

যোৰহাট, ২২ ছেপ্টেম্বৰ : কৰম উৎসৱৰ দিনা চৰকাৰে ঘোষণা কৰিছে চৰকাৰী বন্ধ ৷ ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগে শেহতীয়া এক জাননী যোগে ৰাজ্যৰ চাহ জনগোষ্ঠীসকলে আহিনৰ শুক্লা একাদশীৰ দিনা পালন কৰি অহা কৰম পূজাৰ দিনটো পেইড হলিডে' ঘোষণা কৰিছে ৷ নিৰ্দেশনা অনুযায়ী এই দিনৰ বন্ধৰ পৰিৱৰ্তে চাহ শ্ৰমিকসকলে পৰৱৰ্তী যি কোনো এটা দেওবাৰে বা সাপ্তাহিক ছুটীৰ দিনত বাগিচা আৰু কলঘৰত কাম কৰি দিব লাগিব ৷ ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাৰ পাচতে বৰ্তমান ৰাজ্যজুৰি চাহ অধ্যুষিত অঞ্চলত ক্ষোভৰ জুই জ্বলিছে ৷

চৰকাৰ এই নিৰ্দেশনাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই ৷ তেওঁ কয়, ‘‘ৰাজ্যৰ ৫ লাখ চৰকাৰী কৰ্মচাৰীয়ে অহা ২৫ ছেপ্টেম্বৰত কৰম পূজাৰ বন্ধ পাব ৷ কিন্তু ইয়াৰে গৰিষ্ঠ সংখ্যকৰে কৰম লগত কোনো সম্পৰ্ক নাই ৷ উক্ত দিনা বন্ধ পোৱা চৰকাৰী কৰ্মচাৰীয়ে অন্য এটা বিকল্প দিনত কাম কৰিব নালাগে ৷ কিন্তু চাহ জনগোষ্ঠীয় বাগিচা শ্ৰমিকে কৰম পূজাৰ বন্ধ পালেও বিকল্প দিনত কিয় কাম কৰিব লাগিব’’ ৷

তেওঁ আৰু কয়, ‘‘যদি বাগিচাৰ শ্ৰমিকসকলক জোৰ জৱৰদস্তি বিকল্প এটা দিনাত কামত নিয়োগ কৰে, তেতিয়া হ’লে প্ৰথমতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, দ্বিতীয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তৃতীয়তে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি জ্বলিব সমগ্ৰ ৰাজ্যৰ চাহ বাগানে বাগানে । কংগ্ৰেছে প্ৰৱঞ্চনা কৰা বিনিময়ত চাহ জনগোষ্ঠী পৰা কি পালে, সেয়া সৰ্বজনবিদিত ৷ তেনে এক দিশে বিজেপি দলো গতি কৰিছো’’ ৷

‘‘ভূমি পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ নিৰ্বাচনৰ আগত বিজেপিৰ প্ৰতিশ্ৰুতি আছিল যদিও সেয়া প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল । আজিৰ সময়ছোৱাত শাসনাধিস্থ চৰকাৰখনে চাহ শ্ৰমিকসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ভাবিছে বুলি আমাৰ মনলৈ ধাৰণা আহিছে ৷’’ এয়া ধীৰাজ গোৱালাৰ মন্তব্য ৷

‘‘যি চৰকাৰে চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰিব, সেই চৰকাৰে কু-ফুল ভুগিব ৷ কাৰণ চাহ শ্ৰমিকসকল কাৰো গোলাম নহয় ৷ আজি তাৰিখত চাহ জনগোষ্ঠীয় লোকসকলৰ হৈ মন্ত্ৰী-বিধায়কৰ পৰা আদি কৰি সাংসদ পৰ্যন্ত কোনো নেতাই মাত মতা দিয়া নাই ৷ বৰঞ্চ নিৰৱ, নিশ্চুপ হৈ আছে ।’’ এইদৰে ইটিভি ভাৰতৰ আগত ক্ষোভ প্ৰকাশ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই ৷

লগতে পঢ়ক : Protest Against BJP Govt: প্ৰৱেশ নিষিদ্ধ ! কৰম পূজাৰ পেইড হলিডে’ই লগাইছে অথন্তৰ; বিজেপিৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.