ETV Bharat / state

ATM fraud at Mariani: ATM সলনি কৰি দুষ্ট চক্ৰই লুটিলে ৰহিমুদ্দিন আলীৰ সাঁচতীয়া ধন - ৰহিমুদ্দিন আলীৰ পৰা লুটিলে লক্ষাধিক টকা

যোৰহাটৰ মৰিয়নিত অঘটন ৷ মৰিয়নিৰ এটা কানাড়া বেংকৰ ATM সলনি কৰি এটা দুষ্ট চক্ৰই এজন গ্ৰাহকৰ পৰা অতি কৌশলেৰে লুটিলে লক্ষাধিক টকা ৷ বিমোৰত পৰিছে ভুক্তভোগী গ্ৰাহকজন (ATM fraud at Marianii) ৷

ATM fraud at Marianii
গ্ৰাহকৰ পৰা অতি কৌশলেৰে লুটিলে লক্ষাধিক টকা
author img

By

Published : Jun 9, 2023, 8:09 AM IST

প্ৰৱঞ্চকে পতা জালত পৰিল ৰহিমুদ্দিন আলী

যোৰহাট, 9 জুন : এ টি এমৰ পৰা টকা উলিয়াবলৈ যাওতে সাৱধান হওক ৷ কিয়নো এতিয়া য’তে-ত’তে ঘূৰিছে প্ৰৱঞ্চকৰ দল ৷ যিকোনো মূহুৰ্ততে আপোনাৰ চকুৰ আগৰ পৰাই লৈ যাব পাৰে আপোনাৰ সাঁচতীয়া ধন কেইটা ৷ এনে এক ঘটনা সংঘটিত হৈছে যোৰহাটৰ মৰিয়নিত (ATM fraud at Marianii) । বৃহস্পতিবাৰে মৰিয়নিত অতি কৌশলৰে তিনিটা প্ৰৱঞ্চকে এজন ব্যক্তিৰ পৰা লুটি লৈ গ’ল 62,500 টকা (ATM fraud looted money in Jorhat at Marianii)।

বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে দিনৰ ভাগতে মৰিয়নি নগৰৰ মাজ-মজিয়াত থকা কানাড়া বেংকৰ ATM ৰ পৰা খালিদা বেগম নামৰ যুৱতীগৰাকীয়ে ভিনিহিয়েক ৰহিমুদ্দিন আলীৰ সৈতে পাঞ্জাৱ নেচনেল বেংকৰ একাউণ্টত থকা ধন উলিয়াবলৈ আহিছিল ৷ কিন্তু পূৰ্বৰ পৰাই উক্ত ATM টোত গ্ৰাহকক লুটিবৰ বাবে খাপ পিটি আছিল তিনিটা যুৱকে ৷

তিনি যুৱকলৈ মন নিদি ৰহিমুদ্দিন আলীয়ে ATM ৰ পৰা সাঁচতীয়া ধন উলিয়াবলৈ গৈছিল ৷ ৰহিমুদ্দিন আলীক টকা উলিয়াবলৈ সহায় কৰাৰ অচিলা লৈ তিনি যুৱকে সলনি কৰি লৈ যায় তেওঁৰ ATM কাৰ্ডখন ৷ সেই কথা তলকিবই নোৱাৰিলে ৰহিমুদ্দিন আলীয়ে ৷ ইফালে কিছু সময় পাচতে আন এটা ATM ৰ পৰা 62 হাজাৰ টকা উলিয়াই লৈ যায় উক্ত প্ৰৱঞ্চকৰ চক্ৰটোৱে ৷

ঘটনা বিষয়ে জ্ঞাত হৈ খালিদা বেগম আৰু ভিনিয়েক ৰহিমুদ্দিন আলীয়ে সহায় বিচাৰি আৰক্ষীৰ কাষ চাপে ৷ ATM সলনি কৰি ধন হৰলুকি কৰা ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়েও উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ লগতে আৰক্ষীয়ে সংগ্ৰহ কৰিছে CCTV ৰ ফুটেজ ।

তাৎপৰ্যপূৰ্ণ যে, বৰ্তমান এনে দুষ্ট চক্ৰৰ কৱলত পৰি কেৱল যোৰহাট জিলাতে নহয়, ৰাজ্যৰ আন আন জিলাসমূহতো বিভিন্ন লোকে বেংকত জমা ৰখা সাঁচতীয়া ধন হেৰুৱাব লগা হৈছে । এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, যোৰহাট জিলাৰ বিভিন্ন থানাত প্ৰৱঞ্চকে অতি কৌশলৰে বিভিন্ন লোকৰ পৰা সাঁচতীয়া ধন লুটি লৈ যোৱাৰ সহস্ৰাধিক গোচৰ পঞ্জীয়ন হৈ আছে ।

কিন্তু এনে প্ৰৱঞ্চকৰ দলক আৰক্ষীয়ে আটক কৰাৰ কথাটো এপাচি শাকত এটা জালুকৰ লেখিয়াহে হৈছে । সেয়েহে এনে লোকৰ পৰা হাত সাৰিবলৈ হ’লে নিজেই সজাগ আৰু সচেতন হোৱা বাহিৰে কোনো গত্যন্তৰ নাই বুলি একাংশ লোকে মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ATM fraud at Teok: ATM কাৰ্ড সলনি প্ৰৱঞ্চকে এগৰাকী ব্যক্তিৰ পৰা লুটিলে বুজন পৰিমাণৰ ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.