যোৰহাট, 1 জুন: ৰাজ্যিক পৰিবহন নিগমৰ 771 জন কৰ্মচাৰীক হঠাৎ বৰ্খাস্ত কৰাক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ চাকৰি হেৰুৱাই হতাশ আৰু চিন্তিত হৈ পৰিছে কৰ্মচাৰী সকল ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আৰু চাটাই কৰা কৰ্মচাৰীক চাকৰি ঘুৰাই নিদিয়ালৈকে আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি আৰম্ভ কৰিছে পৰিবহন নিগমৰ কৰ্মচাৰীসকলে (ASTC Employees Protest in Jorhat) ৷
ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ’ল যোৰহাট ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল শ শ কৰ্মচাৰী ৷ উৎকট গৰমকো নেওচি ন্যায়ৰ দাবীত প্ৰতিবাদ নামিল পৰিবহন নিগমৰ কৰ্মচাৰী সকল ৷ প্ৰতিবাদত স্তব্ধ হৈ পৰিল যোৰহাটস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয় ৷ প্ৰতিবাদত কঁপি উঠিল অসম ৰাজ্যিক পৰিবহন নিগমৰ মূল কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ (ASTC Employees Protest) ৷
যোৰহাট ডিভিজনৰ 80 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজৰ চাকৰি ঘূৰাই বিচাৰি চৰকাৰ বিৰোধী ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ 10 বছৰৰ পৰা 14 বছৰ কাল অসম ৰাজ্যিক পৰিৱহন নিগমত চাকৰি কৰা পাছত এই সকল বৰ্খাস্ত হোৱা কৰ্মচাৰীয়ে জীৱন-জীৱিক একমাত্ৰ সম্বল চাকৰিটো হেৰুৱাই তেওঁলোক এক প্ৰকাৰ মানসিক ভাবে ভাগি পৰিছে ৷ সেয়েহে জীৱন-জীৱিকা সম্বল চাকৰিটো বিচাৰি উৎকট গৰমতো প্ৰতিবাদত বহিবলৈ বাধ্য হৈ পৰিছে কৰ্মচাৰীসকল (Protest in Jorhat) ৷
উল্লেখ্য যে, 2007 চনৰ পৰা 2014 আৰু 2015 চনৰ পৰা 2021 চনলৈ বিভিন্ন পৰ্যায়ত পৰিবহন নিগমত নিযুক্তি দিয়া হৈছিল 2,274 গৰাকী কৰ্মচাৰীক ৷ আনন্দ প্ৰকাশ তিৱাৰী পৰিৱহন নিগমৰ পৰিচালন সঞ্চালক হৈ থাকোতে বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনেই হৈছিল এই নিযুক্তি ৷ পৰৱৰ্তী সময়ত এই কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছত 771 জন কৰ্মচাৰীৰ নিযুক্তি অবৈধ বুলি ঘোষণা কৰিছিল তদন্ত সমিতিয়ে ৷ যাৰ বাবে এতিয়া 771 জন ঠিকাভিত্তিক কৰ্মচাৰীক বৰ্খাস্তৰ জাননী প্ৰকাশ কৰিছে কৰ্তৃপক্ষই (ASTC employees suddenly fired from Job) ৷
কিন্তু 2,274 জনৰ 771 জনকহে জাননী জাৰি কৰা বাবে ক্ষুদ্ধ হৈ পৰিছে কৰ্মচাৰী সকল ৷ আজিৰে পৰা ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ যদিহে বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক চাকৰি ঘূৰাই নিদিয়ে তেতিয়া হ’লে অনিৰ্দিষ্টকালীন প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷ লগতে আজিৰ পৰা কৰ্মচাৰী সকলে বন্ধ কৰি দিছে অসম ৰাজ্যিক পৰিৱহন নিগম বাছৰ চলাচল (Protest in Jorhat ASTC office) ৷
লগতে পঢ়ক: Protest in Lakhimpur:পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল লখিমপুৰ