ETV Bharat / state

যোৰহাটত আছুকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ ৰণশিঙা

author img

By

Published : Jan 9, 2020, 10:26 PM IST

হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে কঁপাই তুলিলে সমগ্ৰ যোৰহাট অঞ্চল । জাতিধ্বংসী নাগৰিকত্ব আইন বাতিল নকৰিলে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন কৰাৰ ভাবুকি প্ৰদান প্ৰতিবাদকাৰীসকলৰ ।

ETV BHARAT
যোৰহাটত কাৰ বিৰুদ্ধে আছুকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ ৰণশিঙা

যোৰহাট, ৯ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । হাজাৰ-হাজাৰ লোকে ডবা, শংখ বজাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা "ৰণশিঙা" প্ৰতিবাদী কাৰ্যসূচীত যোৰহাটত হাজাৰ-হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে ৷ সদৌ অসম ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত চহৰখনৰ ষ্টেডিয়ামৰ সমীপৰ পৰা আৰম্ভ কৰা "ৰণশিঙা" প্ৰতিবাদী কাৰ্যসূচী চহৰখনৰ মাজৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে প্ৰতিবাদীকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি বিভিন্ন থলুৱা বাদ্য বজাই পৰিৱেশ উত্তাল কৰি তোলে ৷ অতিশীঘ্ৰে জাতিধ্বংসী আইনখন বাতিল কৰিবলৈ চৰকাৰক দাবী কৰে প্ৰতিবাদকাৰী সকলে ।

যোৰহাটত কাৰ বিৰুদ্ধে আছুকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ ৰণশিঙা

লগতে পঢ়ক - আমেৰিকাৰ আক্ৰমণ, ইৰাণৰ দীঘলীয়া ছাঁয়া যুদ্ধ

Intro:কা বিৰুদ্ধে আছু-৩০ জনগোষ্ঠীয় সংগঠনৰ ৰণশিঙা।।ডবা,শংখৰ ধ্বনীত উত্তাল ৰাজপথ।।

Body:সমগ্ৰ ৰাজ্যখনৰ লগতে যোৰহাটতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান জনোৱা"ৰণশিঙা"প্ৰতিবাদী কাৰ্যসূচীত যোৰহাটৰ ৰাইজৰ স্বৰ্ত:ফুত অংশগ্ৰহণ।

আয়তিৰ উৰুলি আৰু শংখধ্বনীৰে মুখৰিত ৰাজপথ।
অসম চুক্তি উলংঘা,খিলঞ্জীয়া বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানীক"কা"বাতিলৰ দাবীত ৰাজ্যজুৰি অবিৰতভাৱে অব্যাহত থকা আন্দোলনৰ অংশ হিচাপে সমগ্র অসমত ৰণশিঙাৰে প্ৰতিবাদী কাৰ্যসূচী ত যোৰহাট জিলা খনতো ব্যাপক প্ৰতিবাদ পৰিলক্ষিত হয়।সদৌ অসম ছাত্ৰ সন্হাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগ চহৰখনৰ ষ্টেডিয়ামৰ সমীপৰ পৰা আৰম্ভ হোৱা"ৰণশিঙা"প্ৰতিবাদী কাৰ্যসূচী চহৰখনৰ মাজৰে ব্যাপক প্ৰতিবাদী সমদল বাহিৰ কৰে।আনহাতে প্ৰতিবাদী সমদলকাৰীয়ে জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত অৱস্থান কৰি বিভিন্ন থলুৱা বাদ্যৰে পৰিৱেশ উত্তাল কৰি তোলে।

Conclusion:দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা ৰণশিঙা প্ৰতিবাদী কাৰ্যসূচী আঢ়ৈ ঘন্টা জুৰি অব্যাহত থাকে।কোনো কাৰণতে জাতি ধ্বংসী এই আইন মানি নলয় অসমীয়া জাতিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.