ETV Bharat / state

অসমীয়া শিপিনীৰ তাঁতশালত প্ৰকাশ গুৰুজনাৰ গুণমালা - assamese woman weave

চাৰিঙিয়াৰ জ্যোতি বৰা দত্ত নামৰ এগৰাকী মহিলাৰ অপূৰ্ব সৃষ্টি ৷ কিছুদিন পূৰ্বেই তাঁতশালত গুণমালা লিখি উলিয়াছিল এই মহিলাগৰাকীয়ে ৷ সম্প্ৰতি পুনৰ তাঁতশালত গুৰুজনাৰ অপূৰ্ব সৃষ্টি ৰামবিজয় নাটখনৰ সম্পূৰ্ণ ৰূপ তছ মুগাৰ কাপোৰত ৰঙা সুতাৰ শব্দেৰে উজলাই তুলিছে জ্যোতি বৰা দত্তই ।

assamese-woman-portrayed-ram-vijay-nat-in-her-loom
অসমীয়া শিপিনীৰ সপোনৰ তুলিকাত ৰামবিজয় নাট
author img

By

Published : Sep 7, 2020, 4:01 PM IST

Updated : Sep 7, 2020, 4:56 PM IST

যোৰহাট, 7 চেপ্টেম্বৰ : অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে ৷ হেপাঁহেৰে বুলাই দিব পাৰে আশাৰ দলিচা ৷ অসমীয়া জাতিৰ স্বাভিমানৰ গামোচাখনো প্ৰাণ পাই উঠে শিপিনীৰ সপোনৰ তাঁতশালত ৷ গুৰুজনাৰ অপূৰ্ব সৃষ্টি উজলিছে তাঁতশালত ৷

assamese-woman-portrayed-ram-vijay-nat-in-her-loom
অসমীয়া শিপিনীৰ সপোনৰ তুলিকাত ৰামবিজয় নাট

চাৰিঙিয়াৰ এগৰাকী মহিলা ৷ কিছুদিন পূৰ্বেই তাঁতশালত গুণমালা লিখি উলিয়াছিল এগৰাকী মহিলাই ৷ মহিলাগৰাকীৰ নাম জ্যোতি বৰা দত্ত । এতিয়া পুনৰ তাঁতশালত নতুন সপোন ৰচিছে এইগৰাকী মহিলাই । গুৰুজনাৰ অপূৰ্ব সৃষ্টি ৰামবিজয় নাটখনৰ সম্পূৰ্ণ ৰূপ তছ মুগাৰ কাপোৰত ৰঙা সুতাৰ শব্দেৰে উজলাই তুলিছে জ্যোতি বৰা দত্তই ৷ লকডাউনৰ সময়ছোৱাত ৰামবিজয় নাটকৰ উপৰিও তেখেতে তছ মুগাৰ চাদৰত লিখি উলিয়াইছে গুৰুদুজনাৰ বৰগীত ।

একাগ্ৰতা, ধৈৰ্য আৰু প্ৰেৰণাই মানুহক যিকোনো কাম কৰাত অধিক আগ্ৰহী কৰি তুলিব পাৰে ইয়াৰেই এক জলন্ত উদাহৰণ দিলে যোৰহাট চাৰিঙিয়াৰ জ্যোতি বৰা দত্তই । তাঁতৰ শালত সপোন ৰচি এতিয়া চৰ্চিত হৈ পৰিছে মহিলাগৰাকী । বহু ব্যস্ততাৰ মাজতো অকনমান সময় উলিয়াই তাঁতৰ শালত কাঠিৰে স্পষ্ট ৰূপত তুলি ধৰিছে গুৰু জনাৰ অমূল্য সৃষ্টি ।

লগতে পঢ়ক : গৰিয়া বিলত সমূহীয়া মাছ ধৰা উৎসৱ

Last Updated : Sep 7, 2020, 4:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.