ETV Bharat / state

নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱত প্ৰদৰ্শন কৰা হ’ল অসমৰ বিহু

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 8:04 PM IST

লোকাৰণ্য নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱৰ বাকৰি ৷ হৰ্ণবিল উৎসৱত সপ্তম দিনা প্ৰদৰ্শন কৰা হ’ল অসমৰ বিহু (2023 Hornbill Festival) ৷

Assamese Bihu dance preforms in Hornbill Festival 2023
লোকাৰণ্য নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱৰ বাকৰি

যোৰহাট, 7 ডিচেম্বৰ : চলিত বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে হৰ্ণবিল মহোৎসৱ । হৰ্ণবিল মহোৎসৱৰ বাবে পৰম্পৰাগত ৰঙেৰে ৰঙীণ হৈ আছে উত্তৰ-পূৰ্বাঞ্চল থলুৱা পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ ৰাজ্য নাগালেণ্ড । এই মহোৎসৱ প্ৰতিদিনে মন্ত্ৰমুগ্ধ কৰা জনগোষ্ঠীয় লোকনৃত্যৰে জীপাল হৈ আছে ।

নগা জাতিৰ পৰম্পৰা উপভোগ কৰিবলৈ দেশী-বিদেশী বহু পৰ্যটকৰো সমাবেশ ঘটা পৰিলক্ষিত হৈছে । নাগালেণ্ডৰ কিছামা নগা ঐতিহ্য গাঁৱত হৈ থকা হৰ্নবিল উৎসৱত সপ্তম দিনাও মন্ত্ৰমুগ্ধ কৰে বিভিন্ন জনগোষ্ঠী লোকৰ জীপাল নৃত্যৰে । অন্যহাতে, বৃহস্পতিবাৰে হৰ্ণবিল মহোৎসৱত অসমীয়া জাতিৰ আয়ুস ৰেখা বিহু প্ৰদৰ্শন কৰা হয় ।

অসমীয়া জাতিৰ পৰিচয় বিহু নৃত্য চাবলৈ বহু লোকৰ ভিৰ পৰিলক্ষিত হয় । ইয়াৰ পৰাই নগা ভাই-ভনীসকলে এক বাৰ্তা দিব বিচাৰিছে যে, উত্তৰ পূব ৰাজ্যৰ জনতাৰ মাজত থকা এনাজৰীডাল আজিও শক্তিশালী হৈ আছে । আনকি হৰ্ণবিল মহোৎসৱে অসমীয়া আৰু নগাৰ মাজত ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল অধিক মজবুত কৰি তুলিব বুলিও আশা কৰিছে ।

বৃহস্পতিবাৰে হৰ্নবিল উৎসৱৰ বিভিন্ন পৰম্পৰা আৰু নগা বৈচিত্ৰময় সংস্কৃতি আৰু চহকী ঐতিহ্যৰ লোককৃষ্টিৰে উজলি উঠা দেখিবলৈ পোৱা গৈছে । নগা ঐতিহ্য গাঁও কিচামাত অনুষ্ঠিত হৈ থকা হৰ্নবিল মহোৎসৱৰ আটাইকেইটা দিনেই লোকাৰণ্য হৈ আছে ।

দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হোৱা মহোৎসৱত ফ্ৰান্স, জাৰ্মান, জাপান, ইণ্ডোনেছিয়া, আমেৰিকা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, কলম্বিয়া, পোলেণ্ডকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশৰ পৰ্যটকে ভিৰ কৰিছেহি । নগালেণ্ডৰ 16 টা প্ৰধান জনগোষ্ঠী আৰু উপ-জনগোষ্ঠীয়ে নিজস্ব লোক-কৃষ্টিৰ নৃত্য-গীত একে সময়তে বিভিন্ন স্থানত প্ৰদৰ্শন কৰি আছে ।

নগা জনগোষ্ঠীৰ নৃত্যৰ তালে-তালে বিদেশী পৰ্যটক আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা পৰ্যটকে হাতে হাত ধৰি নাচিছে। পাহাৰীয়া ৰাজ্যখনৰ খাদ্যাভ্যাসৰ জুতি লৈছে দেশী বিদেশী নাগৰিকসকলে ।

লগতে পঢ়ক : দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হৰ্ণবিল মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.