ETV Bharat / state

বিদেশী শিল্পীৰ মুখত সুধাকন্ঠৰ কালজয়ী গীত - যোৰহাটৰ মহবন্ধাস্থিত চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন

নৃত্য-গীতৰে মুখৰিত যোৰহাটৰ চুকাফা সমন্ধয় ক্ষেত্ৰ ৷ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ল দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠান ৷

বিদেশী শিল্পীৰ মুখত সুধাকন্ঠৰ কালজয়ী গীত
author img

By

Published : Nov 4, 2019, 8:06 AM IST

যোৰহাট, 3 নৱেম্বৰ: অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠান ৷ আঠদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ মহবন্ধাস্থিত চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত চলিত মাহৰ 1 তাৰিখৰ পৰা 8 তাৰিখলৈ যোৰহাট জিলাত অনুষ্ঠিত হৈছে এই সন্মিলন তথা প্ৰদৰ্শনী ৷

assam
দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠান

এই অনুষ্ঠানতে দেওবাৰে চীনৰ পৰম্পৰাগত বাদ্য ফি-ফা বাজি উঠিল সুধাকন্ঠৰ কালজয়ী বিহু গীতত। এই কালজয়ী বিহু গীতৰ কলিত গীত গাই মন্ত্ৰমুগ্ধ কৰিলে চীন দেশৰ শিল্পীয়ে‌ । এই অনুষ্ঠানত অসমৰ লগতে চীন,থাইলেণ্ড আৰু বাংলাদেশৰ শিল্পীৰ নৃত্যত উজলি উঠিল যোৰহাটৰ মহবন্ধাস্থিত স্বৰ্গদেউ চাউলুং চুকাফা সমন্ধয় ক্ষেত্ৰ

দেওবাৰে অনুষ্ঠিত হোৱা এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে চীন,থাইলেণ্ড আৰু বাংলাদেশৰ শিল্পীৰ দলে । চীন থাইলেণ্ডৰ শিল্পীৰ প্ৰদৰ্শন কৰা নৃত্য আৰু পৰম্পৰাগত সংগীত প্ৰদৰ্শনে উপস্থিত দৰ্শক মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হয়। বিখ্যাত ঢোলৰ ওজা মঘাই ওজাৰ স্মৃতিত ঢোল বাদনৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যখনৰ কৃষি মন্ত্ৰী অতুল বৰা

কৃষিমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘এক্ট ইষ্ট’ নীতিৰ লগতে এনে সাংস্কৃতিক অনুষ্ঠানে ওচৰ চুবুৰীয়া দেশৰ মাজত সমন্ধয়ৰ সেঁতু গঢ়াত সহায় কৰিব । লগতে কৃষি মন্ত্ৰীগৰাকীয়ে চুকাফা সমন্বয় ক্ষেত্ৰৰ আধৰুৱা হৈ থকা কামসমূহ অতি সোনকালে সম্পূৰ্ণ কৰাত আৰ্থিক সহায়ৰ ক্ষেত্ৰত আগভাগ ল’ব বুলি জানিবলৈ দিয়ে ৷

যোৰহাটত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী

আনহাতে দক্ষিণ পূৰ্ব এছিয়া সাংস্কৃতিক সন্মিলনৰ মুখ্য সম্পাদিকা জীনা ৰাজকুমাৰীয়ে জনোৱা মতে ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সাংস্কৃতিক অনুষ্ঠানে সমন্বয়ৰ সেঁতু গঢ়াত সহায় কৰিব ৷ এই অনুষ্ঠানতে অহা 5 নৱেম্বৰত ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ৷

বিদেশী শিল্পীৰ মুখত সুধাকন্ঠৰ কালজয়ী বিহু গীত।।নৃত্য গীতৰে মুখৰিত ছ্যুকাফা সমন্ধয় ক্ষেত্ৰ।।

পৰ্বতে পৰ্বতে বগা পাৰো মই
তোমাক নো বলাব টান।।
চীনাৰ পৰম্পৰাগত বাদ্য ফি-ফা বাজিল উঠিল সুধাকন্ঠৰ কালজয়ী বিহু গীত।
এই কালজয়ী বিহু গীতৰ কলিত গীত গাই মন্ত্ৰ মোগ্ধ কৰিলে চীন দেশৰ শিল্পীয়ে‌।চীন,থাইলেণ্ড আৰু বাংলাদেশৰ শিল্পীৰ নৃত্যত উজ্জ্বলি উঠিল যোৰহাটৰ মহবন্ধাস্হিত স্বৰ্গদেউ চাউলুং ছ্যুকাফা সমন্ধয় ক্ষেত্ৰ। ইংৰাজী ১ নৱেম্বৰ পৰা ৮ নৱেম্বৰ লৈকে অনুষ্ঠিত হোৱা দক্ষিণ পূৱ এছিয়া সাংস্কৃতিক সন্মলিন আৰু প্ৰদৰ্শনীত আজি অনুষ্ঠিত হোৱা বিশেষ কায্যসুচিত অংশগ্ৰহণ কৰে চীন, থাইলেণ্ড আৰু বাংলাদেশৰ শিল্পীৰ দলে।চীন থাইলেণ্ডৰ শিল্পীৰ প্ৰদৰ্শন কৰা নৃত্য আৰু পৰম্পৰাগত সংগীত প্ৰদৰ্শনে উপস্থিত সখলো দৰ্শক মন্ত্ৰ মোগ্ধ কৰি তুলে।বিখ্যাত ঢোলৰ ওজা মঘাই ওজা স্মৃতিত ঢোল বাদনৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠান টোত উপস্থিত থাকে ৰাজ্যখনৰ কৃষি মন্ত্ৰী অতুল বৰা।আনহাতে ভাষন প্ৰসংগত কৃষি মন্ত্ৰী গৰাকীয়ে কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বলৈ চোৱা নীতি অনুসৰি এনেধৰনৰ সাংস্কৃতিক অনুষ্ঠানে ওচৰ চুবুৰীয়া দেশৰ মাজত সমন্ধয়ৰ সেতু গঢ়াত সহায় কৰিব।কৃষি মন্ত্ৰী গৰাকীয়ে ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ আধৰুৱা হৈ থকা কাম সমূহ সম্পূৰ্ণ কৰাত আৰ্থিক সহায়ত আগভাগ লব।আনহাতে দক্ষিণ পূৰ্ব এছিয়া সাংস্কৃতিক সন্মিলনৰ মুখ্য সম্পাদিকা জীনা ৰাজকুমাৰীয়ে জনোৱা মতে ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সাংস্কৃতিক অনুষ্ঠানে সম্ন্ধৰ সেতু গঢ়াত সহায় কৰিব।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.