ETV Bharat / state

Primary Teachers Grievances: শিক্ষামন্ত্ৰীক উভতি ধৰিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদকে

‘দৰমহা বৃদ্ধি কৰিবলৈ কোৱা নাই, প্ৰধান শিক্ষকৰ পদ পূৰণ কৰিবলৈহে দাবী জনাইছো,পাঠদানত ব্যাহত জন্মিলে কিন্তু ইয়াৰ বাবে দায়ী হ’ব শিক্ষামন্ত্ৰী’- ৰাজ্যিক সম্পাদক ৷

author img

By

Published : Jul 14, 2023, 9:05 PM IST

Assam State Primary Teachers Association conference
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মত বিনিময় সভা
শিক্ষামন্ত্ৰীলৈ প্ৰশ্ন

টীয়ক, 14 জুলাই : অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত যোৰহাট জিলাৰ পূব যোৰহাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মধ্য যোৰহাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ যৌথ উদ্যোগত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত টীয়ক শাখা প্ৰাথমিক শিক্ষক সন্মিলনীৰ টীয়কস্থিত শিক্ষক ভৱনত এখনি মত বিনিময় সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী বিশেষভাৱে উপস্থিত থাকি চৰকাৰক এই দীৰ্ঘদিনীয়া দাবী ফলপ্ৰসূ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, চৰকাৰৰ শিক্ষা বিভাগে সততে বিভিন্ন বিষয়ত শিক্ষক সমাজক বিদ্যালয়ৰ বাৰ্ষিক অনুদান, দৰমহা তথা অনান্য আঁচনিসমূহ বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে । বিশেষকৈ প্ৰাথমিক শিক্ষাখণ্ডৰ চৰকাৰী এপ শিক্ষাসেঁতু ব্যৱহাৰ নকৰা শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে ।

ইপিনে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত তথা শিক্ষা অব্যাহত ৰখাৰ স্বাৰ্থত প্ৰাথমিক শিক্ষকসকলে চৰকাৰৰ এই ঘোষণা অৱলম্বন কৰিছিল যদিও প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ নথকাৰ হেতুকে যথেষ্ট অসুবিধাত পৰিছে শিক্ষক সমাজ যাৰ বাবে পাঠদানকে ধৰি সকলো কাম-কাজ সুচাৰুৰূপে চলাই নিবলৈ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবী জনাই আহিছে এইসকল শিক্ষকে । কিন্তু শিক্ষকসকলৰ দাবীৰ প্ৰতি শিক্ষা বিভাগে এই পৰ্যন্ত কোনো ধৰণৰ কৰ্ণপাত নকৰাত শিক্ষকসকল হতাশ হৈ পৰিছে আৰু এইদৰে জিলাই জিলাই মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ।

ইমানৰ পাচতো যদি চৰকাৰে শিক্ষকসকলৰ এইসমূহ দাবী মানি নলয় তেন্তে অনাগত দিনত ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ পৰা শিক্ষক সমাজ আঁতৰি ৰাজপথত আন্দোলন কৰাৰ এক পৰিৱেশ সূচনা হোৱাৰ উপক্ৰম ঘটিব যাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগ জগৰীয়া হ’ব বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে । আনহাতে অহা ১৯ জুলাই তাৰিখে সমগ্ৰ অসমতে এই বিষয়ত জিলা তথা খণ্ডসমূহত এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে সন্মিলনীৰ বিষয়ববীয়াই ।

লগতে পঢ়ক : Govt Schools Shut Down: নলবাৰীত পুনৰ চৈধ্যখনকৈ চৰকাৰী বিদ্যালয় বন্ধ কৰিলে শিক্ষা সঞ্চালকালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.