টীয়ক,৮ ডিচেম্বৰ : অসমৰ বৃহৎ সাংস্কৃতিক ক্ষেত্ৰখনত বহু প্ৰতিভাই ইতিমধ্যে সমাদৃত হ'বলৈ সমক্ষ হৈছে যদিও বহু প্ৰতিভা বৰ্তমানেও এক নিদিষ্ট মঞ্চৰ পৰা বঞ্চিত হৈ আছে । উক্ত বঞ্চিত হৈ থকা প্ৰতিভাসমূহক এক উন্নত মঞ্চ প্ৰদানৰ অৰ্থে অসম চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যোগেদি হাতত লৈছে 'অসম সাংস্কৃতিক মহাসংগ্ৰাম' শীৰ্ষক এক সাংস্কৃতিক কাৰ্যসূচীৰ ।
উক্ত কাৰ্যসূচীৰ অংশ স্বৰূপে ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে টীয়ক বিধানসভা সমষ্টিত পঞ্চায়ত পৰ্যায়ত প্ৰতিযোগিতাসমূহ সুচাৰুৰূপে অনুষ্ঠিত হোৱাৰ পাছত পঞ্চায়ত পৰ্যায়ত নিৰ্বাচিত প্ৰতিযোগীসকলক লৈ শুকুৰবাৰে টীয়কৰ শ্বহীদ স্মৃতি কেন্দ্ৰীয় প্ৰেক্ষাগৃহত সমষ্টিভিত্তিক সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা আৰম্ভ কৰা হয় । যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্তই উদ্বোধন কৰে সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টিভিত্তিক প্ৰতিযোগিতা ।
উক্ত চাৰিদিনীয়া কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া শিখা নাথ, সমষ্টিৰ দুয়োটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, টীয়কৰ কেইবাখনো বিদ্যালয়ৰ মুৰব্বী, পঞ্চায়তৰ সভাপতি সম্পাদক তথা বিষয়ববীয়াৰ লগতে অঞ্চলৰ বহুসংখ্যক সাংস্কৃতিক কৰ্মী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ লগতে অসম চৰকাৰে ক্ৰীড়া তথা সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিভাসমূহক উলিয়াই অনাৰ স্বাৰ্থত লোৱা এই পদক্ষেপক আদৰণি জনায় ।
ইফালে জিলাখনৰ প্ৰায় চাৰি হাজাৰ পাঁচশ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিত সকলোৰে সহায়-সহযোগিতা কামনা কৰে জিলা আয়ুক্ত গৰাকীয়ে । গাঁৱৰ চুকে-কোণে সোমাই থকা প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ ক্ষেত্ৰত এয়া এক ভাল পদক্ষেপ বুলি উল্লেখ কৰে জিলা আয়ুক্ত পুলক মহন্তই ।
লগতে পঢ়ক : পলাশবাৰীত খেল মহাৰণ উদ্বোধন কৰিলে হেমাংগ ঠাকুৰীয়াই