ETV Bharat / state

গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ যুৱ ব্যৱসায়ীৰ

author img

By

Published : Jul 26, 2019, 10:24 AM IST

যোৰহাটৰ টীয়কত যুৱ ব্যৱসায়ীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে বিধ্বস্ত পথ । যুৱ ব্যৱসায়ী জন যোৰহাট উন্নয়ন চুপাৰ মাৰ্কেটৰ টেকন'প্ৰিন্টৰ স্বত্বাধিকাৰী মুকুল শইকীয়া । শইকীয়াৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক সমগ্ৰ অঞ্চলবাসীয়ে ধন্যবাদ জনায়, লগতে এনেকুৱা কৰ্মৰাজি উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ, উৎসাহ আৰু অনুপ্ৰেৰণাৰ অন্য নাম ৷

গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ যুৱ ব্যৱসায়ীৰ

টীয়ক, ২৬ জুলাইঃ যোৰহাটৰ টীয়কত যুৱ ব্যৱসায়ীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে বিধ্বস্ত পথ । যুৱ ব্যৱসায়ী জন যোৰহাট উন্নয়ন চুপাৰ মাৰ্কেটৰ টেকন'প্ৰিন্টৰ স্বত্বাধিকাৰী মুকুল শইকীয়া । ভাল কাম কৰাৰ বাবে কোনো দল-সংগঠনৰ সদস্য হোৱাৰ প্ৰয়োজন নাথাকে,লাগে মাথোঁ সুস্থ চিন্তা আৰু সুন্দৰ মানসিকতা । ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হ'ল যোৰহাট উন্নয়ন চুপাৰ মাৰ্কেটৰ টেকন'প্ৰিন্টৰ স্বত্বাধিকাৰী মুকুল শইকীয়া । প্ৰায় চল্লিশজন কৰ্মচাৰীৰে এক বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান "টেকন' প্ৰিন্ট"ৰ জৰিয়তে মুকুল শইকীয়াই যোৱা কেইবাটাও বছৰৰ পৰা আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে । বানপীড়িত ৰাইজকে আদি কৰি বহু কেইজন কৰ্কট ৰোগীলৈ অনুদান আগবঢ়াইছে শইকীয়াই । বানপানীৰ যি বিধ্বংসী ৰূপ ,তাৰ কবলত পৰা বহু বন্যাৰ্তৰ ওচৰত থিয় হৈ সাধ্য অনুসৰি সহায় কৰি আহিছে । উল্লেখযোগ্য যে, প্ৰলয়ংকাৰী বানে টীয়কৰ জাঁজীমুখৰ বিভিন্ন অঞ্চলৰ মথাউৰিৰ পথৰ জৰাজীৰ্ণ কৰা তথা বন্যাৰ্তৰ দুৰ্দশা দেখি বান সাহাৰ্যৰ পৰিৱৰ্তে অঞ্চলটোৰ ৰাইজৰ সহযোগত কাৱৈমাৰী ভকতগাঁও সংযোগী সুদীৰ্ঘ এক কিঃমিঃ মথাউৰিটো মেৰামতিৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি শিলগুটি পেলোৱাৰ ব্যৱস্থা কৰি এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে । শইকীয়াৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক সমগ্ৰ অঞ্চলবাসীয়ে ধন্যবাদ জনায়, লগতে এনেকুৱা কৰ্মৰাজি উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ উৎসাহ আৰু অনুপ্ৰেৰণাৰ অন্য নাম হৈ পৰিব বুলি মন্তব্য কৰিছে ।

Intro:Body:টীয়কৰ জাঁজীমুখত বান সাহাৰ্যৰ পৰিৱৰ্তে শিলগুটি প্ৰদানেৰে মথাউৰি মেৰামতি কৰিলে যুৱ ব্যৱসায়ীয়ে
TEOK:আচলতে ভাল কাম কৰাৰ বাবে কোনো দল-সংগঠনৰ সদস্য হোৱাৰ প্ৰয়োজন নাথাকে।লাগে মাথোঁ সুস্থ চিন্তা আৰু সুন্দৰ মানসিকতা ।ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হ'ল যোৰহাট উন্নয়ন চুপাৰ মাৰ্কেটৰ টেকন'প্ৰিন্টৰ স্বত্তাধিকাৰী মুকুল শইকীয়া। প্ৰায় চল্লিশজন কৰ্মচাৰীৰে এক বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান "টেকন' প্ৰিন্ট"ৰ জৰিয়তে মুকুল শইকীয়াই যোৱা কেইবাটাও বছৰৰ পৰা আৰ্তজনৰ ওচৰত সহায়ৰ হাত আগবঢ়াই আহিছে ।বানপীড়িত ৰাইজকে আদি কৰি বহু কেইজন কৰ্কটৰোগীলৈ অনুদান আগবঢ়াইছে। বানপানীৰ যি বিধ্বংসী ৰূপ ,তাৰ কবলত পৰা বহু বন্যাৰ্তৰ ওচৰত থিয় হৈ সাধ্য অনুসৰি সহায় কৰি আহিছে।উল্লেখযোগ্য যে প্ৰলয়ংকাৰী বানে টীয়কৰ জাঁজীমুখৰ বিভিন্ন অঞ্চলৰ মথাউৰিৰ পথৰ জৰাজীৰ্ণ কৰা তথা বন্যাৰ্তৰ দুৰ্দশাৰ দেখি বান সাহাৰ্যৰ পৰিৱৰ্তে অঞ্চলটোৰ ৰাইজৰ সহযোগত কাৱৈমাৰী ভকতগাঁও সংযোগী সুদীৰ্ঘ এক কিমি মথাউৰিটো মেৰামতিৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি শিলগুটি পেলোৱাৰ ব্যৱস্থা কৰি এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে।শইকীয়াৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক সমগ্ৰ অঞ্চলবাসীয়ে আদৰি লৈছে আৰু এনেকুৱা কৰ্মৰাজি উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ উৎসাহ আৰু অনুপ্ৰেৰণাৰ অন্য নাম হৈ পৰিব বুলি মন্তব্য কৰিছে অঞ্চলবাসীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.