ETV Bharat / state

দিচৈ ভেলীক লৈ অসম-নাগালেণ্ডৰ মাজত চুক্তি স্বাক্ষৰ

author img

By

Published : Jul 31, 2021, 10:31 PM IST

অসম-নাগালেণ্ড সীমান্ত সমস্যাক লৈ দুই ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰ ৷ চুক্তি অনুসৰি দিচৈ ভেলীৰ পৰা দুই ৰাজ্যই আঁতৰাই নিব নিৰাপত্তাৰক্ষীৰ শিবিৰ ৷ ড্ৰোণ কেমেৰাৰ যোগেদি সীমান্ত পৰ্যবেক্ষণ ৷

Assam-Nagaland sign agreement on Dishai Valley
দিচৈ ভেলীক লৈ অসম-নাগালেণ্ডক মাজত চুক্তি স্বাক্ষৰ

যোৰহাট, 31 জুলাই : অসম-মিজোৰাম সীমা বিবাদক লৈ চৰ্চা চলি থকাৰ সময়তে মৰিয়নী দিচৈ ভেলীক লৈ অসম-নাগালেণ্ডৰ মাজত স্বাক্ষৰ হৈছে এক বুজাবুজি চুক্তি ৷ দিচৈ ভেলীক লৈ প্ৰায়ে দুখন ৰাজ্যৰ মাজত সৃষ্টি হৈ আহিছে সংঘাত ৷ এই চুক্তি স্বাক্ষৰ হোৱাৰ পাচতে যোৰহাট জিলাৰ উক্ত অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ এক ৰেঙণি দেখিবলৈ পোৱা গৈছে ৷

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সীমা বিবাদক লৈয়ে অসম-নাগালেণ্ডৰ মাজত আলোচনা অব্যাহত আছিল ৷ সেই আলোচনাৰ মাজতে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত ডিমাপুৰৰ ছুমুকেডিমাৰ অনুষ্ঠিত হোৱা বৈঠকত স্বাক্ষৰ হয় এক বুজাবুজি চুক্তি ৷ উক্ত বৈঠকত উপস্থিত আছিল নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়ানথাংগু পেট্টন, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ৰাজ্যৰ চৰকাৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী ড৹ ৰণোজ পেগু ৷ মন্ত্ৰী ড৹ ৰণোজ পেগুৱে উক্ত বৈঠকৰ পাচতে পোনে পোনে যোৰহাট উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা

মন্ত্ৰী ড৹ ৰণোজ পেগুৱে সাংবাদিকৰ আগত সদৰী কৰা মতে, উক্ত চুক্তি অনুসৰি মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত নাগাজাংকাত নাগালেণ্ডৰ যি নিৰাপত্তা শিবিৰ আছে, সেয়া আঁতৰাই নিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে বনাঞ্চলখনত অসম আৰক্ষীয়ে যি শিবিৰ স্থাপন কৰিছিল, সেই শিবিৰো আঁতৰোৱা হ’ব ৷ "চুক্তিৰ পাচত দিচৈ ভেলীত যাতে নগা দুৰ্বৃত্তই হওক নতুবা অসমৰ কোনো দুষ্টচক্ৰই যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে ড্ৰোণ কেমেৰাৰ যোগেদি সীমান্ত পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব ৷ দুয়োখন ৰাজ্য মুখমন্ত্ৰী আলোচনা মাধ্যমেৰে দুয়োখন ৰাজ্যই শান্তিপূৰ্ণভাৱে যাতে সীমা সমস্যাটো সমাধান কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই চুক্তি স্বাক্ষৰ কৰা হৈছে"- সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে ড৹ ৰণোজ পেগুৱে ৷

লগতে পঢ়ক: মিজোৰামত বিস্ফোৰক পদাৰ্থ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰিব নিয়াই

ইফালে অসম-মিজোৰাম সীমান্ত সমস্যাকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মিজোৰাম চৰকাৰ দায়সৰা স্থিতিক লৈ মন্ত্ৰীগৰাকীয়ে কয়, অসম-মিজোৰাম সীমন্তৰ লাইলাপুৰ ঘটনাক লৈ অসমৰ চৰকাৰৰ স্থিতি সবল ৷ অসমৰ এক ইঞ্চি মাটিও মিজোৰামে নতুনকৈ দখল কৰিব পৰা নাই ৷ উক্ত ঘটনাৰ বিচাৰ আইনে কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ড৹ ৰণোজ পেগুৱে ৷

সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ শিক্ষামন্ত্ৰী হিচাপে ড৹ ৰণোজ পেগুৱে কয়, যিসকল শিক্ষাৰ্থীয়ে ফলাফল বেয়া কৰিছে সেইসকলে যদি ইচ্ছা কৰে, আবেদন কৰি পৰীক্ষা দিব পাৰিব ৷ ফেইল কৰা সকলেও পৰীক্ষা দিব পাৰিব । উত্তীৰ্ণ শিক্ষাৰ্থীৰ আসনৰ ক্ষেত্ৰত কোনো সমস্যা সৃষ্টি নহয় বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰত উৰ্ত্তীণৰ হাৰ 97.77 শতাংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.