তিতাবৰ, 15 আগষ্ট : ক্ৰমাৎ সংকুচিত হ'বলৈ ধৰিছে অসমৰ মানচিত্ৰ । চুবুৰীয়া নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ধাৰাবাহিক আগ্ৰাসনত থৰ-কাচুতি হেৰুৱাইছে সীমান্তবাসী অসমীয়াই । এই সীমা সংঘাতক কেন্দ্ৰ কৰিয়েই শেহতীয়াকৈ লাইলাপুৰত মিজো আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিছিল ছয়জনকৈ অসম আৰক্ষীৰ জোৱানে । কিন্তু ইয়াৰ পাছতো সীমান্তৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যেন উদ্বিগ্ন নহয় অসম চৰকাৰ ।
তাৰেই উপযুক্ত প্ৰমাণ হ'ল অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানী D-Sector অঞ্চল । সীমা বিবাদক কেন্দ্ৰ কৰি প্ৰায়ে মেৰাপানী সীমান্তত নগা আৰু অসমীয়াৰ মাজত সংঘাতপূৰ্ণ পৰিবেশৰ সূত্ৰপাত ঘটে । তাৰোপৰি নগা উগ্ৰপন্থী সংগঠনৰ সন্ত্ৰাসত সীমান্তবাসী অসমীয়াই দশক দশক ধৰি দিন অতিবাহিত কৰিছে চৰম আতংকৰ মাজত ।
লগতে পঢ়কঃ জিলা ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে বজালীত উদযাপন স্বাধীনতা দিৱস
অতি পৰিতাপৰ কথা যে, সীমান্তৰ এনে অস্থিৰ পৰিবেশৰ পাছতো সীমান্তবাসীৰ নিৰাপত্তাৰ দিশটোক লৈ অতীতৰে পৰা প্ৰতিখন ৰাজ্য চৰকাৰে কেৱল উদাসীনতাহে প্ৰদৰ্শন কৰি আহিছে । নিৰাপত্তা দিশটোৰ প্ৰতিও বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে ৷ তাৰ জলন্ত উদাহৰণ মেৰাপানী সীমান্তৰ গড়বস্তিৰ এটা নৱনিৰ্মিত সীমান্ত আৰক্ষী চকী ।
দুটা বছৰৰ পূৰ্বেই প্ৰায় ২.৫ কোটি টকা ব্যয় সাপেক্ষে মেৰাপানী সীমান্তত নিৰ্মাণ সম্পূৰ্ণ হৈছিল দুটা সীমান্ত আৰক্ষী চকীৰ । আটকধুনীয়া চকী দুটা নিৰ্মাণ হ'লেও আজি পৰ্যন্ত কিন্তু নিৰাপত্তাৰক্ষী নিয়োগৰ ব্যৱস্থা নকৰিলে ৰাজ্যৰ গৃহবিভাগে । একেদৰে সীমান্ত অঞ্চলটোত নিয়োজিত নকৰিলে চিআৰপিএফক । যাৰ ফলত সকলো সা-সুবিধা সংলগ্ন কৰি নিৰ্মাণ কৰা আৰক্ষী চকী দুটা ক্ৰমান্বয়ে জহিখহি যাবলৈ আৰম্ভ কৰিছে ।
ইফালে নগাৰ আগ্ৰাসন আৰু আতংকত বৰ্তমানেও বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে সীমান্ত অঞ্চলৰ জনসাধাৰণে । সম্প্ৰতি সীমান্ত অঞ্চলৰ ৰাইজে অতি শীঘ্ৰে সীমান্ত আৰক্ষী চকী দুটা কাৰ্যক্ষম কৰি নিৰাপত্তা বাহিনী নিয়োগ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।
লগতে পঢ়কঃ যোৰহাটৰ কাছাৰী মৈদানত উদযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস