ETV Bharat / state

Assam Nagaland border dispute: পুনৰ অসমৰ বনাঞ্চল ধ্বংস অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ - তিৰু হিলচ বনাঞ্চল

মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ উপদ্ৰৱ ৷ দিচৈ ভেলীৰ পাচত এইবাৰ তিৰু হিলচ বনাঞ্চলৰ ভূমি বেদখল নগা দুৰ্বৃত্তৰ ৷ শুকুৰবাৰে পুৱাই এটা অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ দলে কাটি তহিলং কৰে বনাঞ্চলখনৰ বহু মূল্যবান গছ ৷

Assam Nagaland border dispute
পুনৰ অসমৰ বনাঞ্চল ধ্বংস অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ
author img

By

Published : Feb 24, 2023, 11:09 AM IST

পুনৰ অসমৰ বনাঞ্চল ধ্বংস অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ

যোৰহাট, 24 ফেব্ৰুৱাৰী: মৰয়নিৰ অসম-নাগালেণ্ড সীমান্তত অসমৰ ভূমিত নগাৰ আগ্ৰাসন ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ যোৰহাট জিলা প্ৰশাসন ৷ সমান্তৰালভাৱে সীমান্তবাসী অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ মৰয়নিৰ কথাচহকী বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ পুনৰ মৰয়নিৰ অসম-নাগালেণ্ড সীমান্তত আৰম্ভ হৈছে নগা বেদখলকাৰীৰ উপদ্ৰৱ (Assam Nagaland border dispute) ৷

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পাচত এইবাৰ তিৰু হিলচ বনাঞ্চলৰ ভূমি দখলৰ প্ৰচেষ্টা আগ্ৰাসী নগাৰ ৷ যাক কেন্দ্ৰ কৰি সীমান্তত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ হাতত অস্ত্ৰ-শস্ত্ৰ লৈ অসমৰ ভূমিত দপদপনি নগাৰ ৷ মৰিয়নিৰ নাগিনীজান চাহ বাগিছাৰ কাষতে লাগি থকা তিৰু হিলচ বনাঞ্চলৰ বহু মূল্যৱান গছ কাটি অসমৰ ভূমিত অবাধ বেদখলত নামিছে নগা দুৰ্বৃত্ত (Naga encroachment in Assam border) ৷

শুকুৰাবে পুৱাৰ ভাগত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত নগা দুৰ্বৃত্তৰ দলটোৱে কাটি তহিলং কৰে বনাঞ্চলৰখনৰ বহু মূল্যবান গছ ৷ এই ঘটনাক লৈ সীমান্তত এতিয়া সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতি ৷ আগন্তুক বিধানসভা নিৰ্বচনক লৈ ব্যস্ত হৈ আছে নাগালেণ্ড ৷ তাৰ মাজতে নগাই অসমৰ ভূমিত চলাইছে অবাধ বেদখল (Assam land occupied by Naga miscreants) ৷

উল্লেখ্য যে, মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত ধাৰাবাহিকভাৱে উপদ্ৰৱ চলাই আহিছে নগা দুৰ্বৃত্তই ৷ সীমান্তবাসী অসমীৰ চাহ গছ, তামুল গছ আদি কাটি তহিলং কৰাৰ লগতে বলপূৰ্বকভাৱে ধন সংগ্ৰহ, অসমৰ ভূমিত পেট্ৰ’ল পাম্প স্থাপন আদি কাম অব্যাহত ৰাখিছে আগ্ৰাসী নগাই ৷ কিন্তু ইমানৰ পাচতো নীৰৱ যোৰহাট জিলা প্ৰশাসন ৷ প্ৰশাসনৰ মৌনতাৰ সুযোগ গ্ৰহণ কৰি এই দৰেই নগাই চলাই আহিছে উপদ্ৰৱ ৷

উল্লেখ্য যে, অসমৰ ভূমিত নগাৰ অবাধ বেদখল ৰোধ কৰা আৰু সীমান্তবাসী অসমীয়াৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ দাবীৰে কিছুদিন পূৰ্বে প্ৰতিবাদ সাবস্ত কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কেইবাটাও সংগঠনে ৷ নগাৰ সমস্যা সমাধান কৰিবৰ বাবে জিলা প্ৰশাসনক বান্ধি দিছিল এমাহৰ সময়সীমা ৷ কিন্তু সকলো দেখিও হাত সাৱটি বহি আছে প্ৰশাসন (Encroachment of Assam land) ৷

আনহাতে কথাচহকী ৰূপজ্যেতি কুৰ্মীয়েও মাত্ৰ 1 টা দিনৰ ভিতৰতে সীমা সমস্যা ৰোধ কৰা হ’ব বুলি কিছুদিন পূৰ্বে দম্ভালি মাৰিছিল ৷ সমস্যা সমাধান কৰা দূৰৰে কথা, এই প্ৰসংগত মুখেই নোখোলা হ’ল ৰূপজ্যোতি কুৰ্মী ৷

লগতে পঢ়ক: Inter state boundary dispute : আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ দিশে এখোজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.