ETV Bharat / state

2021 ত দিছপুৰ দখল কৰিব অসম জাতীয় পৰিষদে : অদীপ ফুকন

আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সদস্যসকলৰ লগতে প্ৰাক্তন অগপ কৰ্মীসকলে সভাত অংশগ্ৰহণ কৰে ।

author img

By

Published : Oct 19, 2020, 5:35 PM IST

Assam Jatiya Parishad Meeting at Jorhat
2021 ত দিছপুৰ দখল কৰিব অসম জাতীয় পৰিষদে : অদিপ ফুকন

যোৰহাট, 19 অক্টোবৰ : 2021ত অসম জাতীয় পৰিষদে দিছপুৰ দখল কৰিব ৷ বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা দূৰত্ব বজাই ৰখা আঞ্চলিকতাবাদী সকলো দলৰ লগত পৰিষদে মিত্ৰতা কৰিবলৈ সাজু ৷ যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত সোমবাৰে অসম জাতীয় পৰিষদৰ এখন ৰাজহুৱা সভাত এই কথা ব্যক্ত কৰে অদীপ কুমাৰ ফুকনে ৷ সভাত পৰিষদৰ যোৰহাট জিলা আহ্বায়ক সমিতিখন গঠন কৰা হয় ৷

উক্ত সভাত আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সদস্যসকলৰ লগতে প্ৰাক্তন অগপ কৰ্মীসকলে অংশগ্ৰহণ কৰে । প্ৰাক্তন অগপৰ কৰ্মী তথা সমাজকৰ্মী নিৰেন শৰ্ম্মাই সভাখন পৰিচালনা কৰে ৷ সভাত ৰাজু ফুকন, অদীপ ফুকনকে ধৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰি জাতীয় পৰিষদে অসমৰ ৰাইজৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে । উক্ত সভাত যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : সীমান্ত সংঘাতঃ অসম-মিজোৰামৰ মুখ্য সচিবৰে গৃহ সচিবৰ ভিডিঅ' কনফাৰেঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.