ETV Bharat / state

Torture on Elephant : নাগালেণ্ডত অসমৰ হাতীৰ ওপৰত নগাৰ অত্যাচাৰ

author img

By

Published : Feb 25, 2023, 5:36 PM IST

Updated : Feb 25, 2023, 7:15 PM IST

অসমৰ হাতীৰ ওপৰত নগাৰ অত্যাচাৰ (Naga torture on Assam elephant) । হাতীৰ ওপৰত অমানুষিক নিৰ্যাতন নগা যুৱকৰ । আনহাতে, হাতীৰ গৰাকীকো ভয়-ভাবুকি প্ৰদান ৰাজা বাইলুং নামৰ যুৱকজনৰ । বৰ্তমান অভিযুক্ত ৰাজা বাইলুং ৰঙাঘৰৰ আলহী ।

Jorhat
Jorhat
পোহনীয়া হাতীৰ ওপৰত নগাৰ অত্যাচাৰ

যোৰহাট, 25 ফেব্ৰুৱাৰী : এটা হাতীক লৈ বৰ্তমান যোৰহাট জিলাত চলিছে ব্যাপক চৰ্চা । উক্ত হাতীটোৱে উদঙাইছে বহিঃৰাজ্য নাগালেণ্ডত নগা লোকে কেনেদৰে ঘৰচীয়া হাতীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই আহিছে (Assam elephant tortured in Nagaland) । লগতে নগাই চলোৱা নিৰ্যাতনৰ কাহিনী স্পষ্ট ৰূপত পোহৰলৈ আহিছে (Naga torture on Assam elephant) । ডিব্ৰুগড়ৰ মৰাণ ৰঙালীথান পথাৰৰ গায়ত্ৰী দত্তৰ পৰিয়ালৰ এটা হাতীক কাষৰীয়া ৰাজ্য নাগালেণ্ডত কাম কৰাবলৈ ঠিকাত দিয়া হৈছিল ।

কিন্তু কামত নিযুক্ত ঘৰচীয়া হাতীটোৰ ওপৰত নাগালেণ্ডত একাংশ মানৱৰূপী দানৱে অকথ্য নিৰ্যাতন আৰম্ভ কৰে (domestic elephant of Assam tortured in Nagaland) । এই কথা অৱগত হৈ হাতীটোৰ গৰাকীয়ে নাগালেণ্ডৰ পৰা হাতীটো ঘূৰাই আনিবলৈ গৈ উক্ত স্থানত উপস্থিত হয় । কিন্তু হাতীটো ঘূৰাই বিচৰাত নগা লোকসকলে ঘূৰাই দিবলৈ অপৰাগতা প্ৰকাশ কৰে । কিন্তু অতি চতুৰতাৰে হাতীৰ গৰাকী মৰাণৰ গায়ত্ৰী দত্তই নগাৰ পৰা হাতীটো লৈ গৃহ অভিমুখে ৰাওনা হয় ।

নাগালেণ্ডৰ পৰা পথেৰে খোজকাঢ়ি হাতীটো লৈ আহি থাকোঁতে যোৰহাটৰ মাজমজিয়াত হাতীৰ গৰাকী আৰু হাতী মাউতে সন্মুখীন হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ । যোৰহাটৰ গড়মূৰৰ সমীপৱৰ্তীত ৰাজা বাইলুং নামৰ যুৱকজনে হাতীৰ গৰাকীক ভয়-ভাবুকিৰে শাৰীৰিকভাৱে অপদস্থ কৰে । পিছত যুৱকজনৰ ভয়-ভাবুকিৰ ফলত ভীতিগ্ৰস্ত হৈ হাতীৰ গৰাকী গায়ত্ৰী দত্ত আৰু মাউতে হাতীটো এৰি পলাই যায় । তাৰ পিছত যুৱকজনৰ কু-কীৰ্তি সম্পৰ্কে হাতীৰ গৰাকীয়ে যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰৰ ভিত্তিত যুৱকজনক শুকুবাৰে নিশাতেই জে'ল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে ইতিপূৰ্বে ৰাজা বাইলুং নামৰ যুৱকজনে কৰ্তব্যৰত আৰক্ষীৰ গাত হাত দিয়াৰ অপৰাধত কাৰাবাস খাটি আহিছে । এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে নাগালেণ্ডত কামৰ সন্ধানত থকা অসমৰ হাতীৰ ওপৰত নগা লোকে অত্যাচাৰ চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছত অসমৰ হাতীৰ গৰাকীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে, নগাৰ কবলৰ পৰা নিজৰ হাতীটো উদ্ধাৰ কৰিবৰ বাবে ইতিমধ্যে একাংশই আৰক্ষীৰ ওচৰ চপা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে শেহতীয়াভাৱে চৰকাৰ তথা বন বিভাগে ঘৰচীয়া হাতীক কামত লগোৱাৰ নিয়মৰ ক্ষেত্ৰত পূৰ্বৰ নীতিৰ ক্ষেত্ৰত যথেষ্ট কঠোৰতা আনিছে । কিন্তু তাৰ মাজতেও এচাম অসাধু লোকে এনেধৰণে হাতীবোৰ বিভিন্ন কামত নিয়োগ কৰি অহাই নহাই অকথ্য অত্যাচাৰো চলাই আহিছে । আনহাতে, বিগত বৰ্ষত অসমৰ জয়মালা নামৰ এটি হাতীক তামিলনাডুৰ মন্দিৰত অকথ্য অত্যাচাৰ চলোৱাৰ খবৰে অসমৰ লগতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।

2011 চনতে অসমৰ পৰা তামিলনাডুলৈ লৈ যোৱা জয়মালা নামৰ হাতীজনীক এটা মন্দিৰত নিৰ্মমভাৱে অত্যাচাৰ কৰা ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । জয়মালাক লৈ সৃষ্টি হোৱা চৰ্চা আৰু বিতৰ্কৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জয়মালাকে ধৰি তামিলনাডুৰ বিভিন্ন প্ৰান্তত থকা আন আঠটা হাতী কেনে অৱস্থাত আছে তাৰ নিৰীক্ষণ কৰিবলৈ গঠন কৰি দিয়ে চাৰিজনীয়া সমিতি । এই চাৰিজনীয়া সদস্যৰ দলটোৱে গৈ 2 ছেপ্টেম্বৰত তামিলনাডুত উপস্থিত হৈছিল । কিন্তু পৰিতাপৰ কথা এইটোৱে যে সমিতিখনে জয়মালাক সাক্ষাৎ কৰিব নোৱাৰিলে । তাৰ পিছত এই সমগ্ৰ বিষয়টোত উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰিবলগা হয় । আনহাতে, তাৰ মাজতে তামিলনাডু চৰকাৰে জয়মালা সুস্থ থকা বুলি ভিডিঅ’ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Guwahati Double Murder: মৃতদেহৰ অৱশিষ্ট বিচাৰি তিনি হত্যাকাৰীক লৈ ডাউকীত পুনৰ আৰক্ষীৰ অভিযান

Last Updated : Feb 25, 2023, 7:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.