ETV Bharat / state

Assam Nagaland border tense: সীমা সমস্যাক লৈ শৰ্মা চৰকাৰক তুলা-ধুনা প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Mar 16, 2023, 6:54 PM IST

Updated : Mar 16, 2023, 7:32 PM IST

অসম-নাগালেণ্ড সীমান্তৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত এটা সঁজাতি দলে ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক ব্যৰ্থ চৰকাৰ আখ্যা ৰাণা গোস্বামীৰ ৷ সীমা সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰীক নেডাৰ আহ্বায়ন পদৰ পৰা পদত্যাগৰো দাবী তোলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে (Assam Nagaland border tense) ৷

Assam Nagaland border tense
সীমা সমস্যাক লৈ শৰ্মা চৰকাৰক তুলা-ধুনা প্ৰদেশ কংগ্ৰেছৰ
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী

যোৰহাট, 16 মাৰ্চ: নেডাৰ আহ্বায়ক পদৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী উত্থাপন প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ (Rana Goswami) ৷ নাগালেণ্ড আৰু মেঘালয়ৰ সৈতে অসমৰ সীমা সমস্যা নেডাৰ আহ্বান হোৱাৰ পাচতো সমাধান কৰিব নোৱাৰাৰ বাবে হিমন্ত শৰ্মাই পদত্যাগ কৰিব লাগে বুলি দাবী উত্থাপন কৰে ৰাণা গোস্বামীয়ে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে অসম-নাগালেণ্ডৰ সীমান্তৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ এলেকা পৰিদৰ্শনৰ বাবে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দল (Assam Nagaland border dispute) ৷

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰি ৰাণা গোস্বামীয়ে কয়, ‘‘স্বাস্থ্য ,শিক্ষা আৰু সীমা সমস্যা সকলোতে বিফল এইখন চৰকাৰ ৷ বিজেপি চৰকাৰ বৰ্তমান সৰ্বদিশতে ব্যৰ্থ ৷ সীমান্তবাসী অসমীয়াই এতিয়া আতংকত দিন পাৰ কৰিবলগীয়া হৈছে আৰু চৰম নিৰাপত্তাহীনতাত ভুগিছে (Assam Nagaland border tense) ৷’’

উল্লেখ্য যে, বুধবাৰে অসম-নাগালেণ্ড সীমান্তৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত অসমৰ এটা বনকৰ্মীৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল এটা প্ৰায় 20 জনীয়া নগা দুৰ্বৃত্তৰ দলে ৷ দিচৈভেলীত নগাই অব্যাহত ৰখা বন ধ্বংস কাৰ্যক বাধা দিবৰ বাবে গৈছিল বনকৰ্মীৰ দলটো ৷ কিন্তু বনকৰ্মীৰ দলটোলৈ 4 জাঁই গুলী নিক্ষেপ কৰে দুৰ্বৃত্তৰ দলটোৱে (Naga miscreants open fire) ৷ দীৰ্ঘদিন ধৰি চলি থকা বন ধ্বংস কাৰ্য আৰু সীমা সমস্যা চৰকাৰে সমাধান কৰিব নোৱাৰাৰ বাবে ক্ষোভ উজাৰে ৰাণা গোস্বামীয়ে (APCC slams Assam BJP) ৷

উল্লেখ কৰা প্ৰয়োজন যে, মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত ধাৰাবাহিকভাৱে অসমৰ ভূমিত বেদখল চলোৱাৰ লগতে বন ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে নগা দুৰ্বৃত্তই ৷ লগতে সীমান্তবাসী অসমীয়া ৰাইজকো ভাবুকি দি আহাৰ লগতে আৰু কৃষি ভূমি ধ্বংস কৰি আহিছে ৷ কিন্তু এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে অথবা অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ অসমৰ ভূমি অৰুণাচলীয়েও বেদখল কৰি অহা বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে (Land encroachment of Assam) ৷

লগতে পঢ়ক: Naga aggression : গোপনে নগাক অৰ্পণ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি

Last Updated : Mar 16, 2023, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.