ETV Bharat / state

Assam Book fair in Jorhat: শুকুৰবাৰৰ পৰাৰ যোৰহাটত আৰম্ভ হ'ব অসম গ্ৰন্থমেলা

author img

By

Published : Dec 1, 2022, 6:04 PM IST

যোৰহাটত ২ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অসম গ্ৰন্থমেলা(Assam Book fair 2022) ৷ ১০ দিনীয়া কাৰ্যসূচীৰে যোৰহাট কাছাৰী ময়দানত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাত বিশিষ্ট চিন্তাবিদ, লেখক, প্ৰৱন্ধকাৰ, সাহিত্যিক, গৱেষককে আদি কৰি বহুকেইগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

Assam Book fair in Jorhat
শুকুৰবাৰৰ পৰাৰ যোৰহাট আৰম্ভ হ'ব অসম গ্ৰন্থমেলা

যোৰহাট, ১ ডিচেম্বৰ: উদুলি মুদুলি পৰিবেশে বিৰাজ কৰিছে যোৰহাটৰ কছাৰী ময়দানৰ বাকৰিত ৷ কাৰণ কাইলৈ অৰ্থাৎ শুকুৰবাৰৰ পৰাৰ দহদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত কৰা হ’ব অসম গ্ৰন্থমেলা(Assam Book fair Start in Jorhat) । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত শৈক্ষিক কেন্দ্ৰ, যোৰহাটৰ সহযোগত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে(Assam Book fair 2022) ।

শুকুৰবাৰৰ পৰা যোৰহাটত আৰম্ভ হ'ব অসম গ্ৰন্থমেলা

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইবাৰ অসম গ্ৰন্থমেলা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ বৰ্ষটোৰ প্ৰথমখন অসম গ্ৰন্থমেলা ধেমাজিত অনুষ্ঠিত হৈছিল ৷ এই গ্ৰন্থমেলা ব্যাপক সাফল্যৰ পাছত দ্বিতীয়খন গ্ৰন্থমেলা যোৰহাট কাছাৰী ময়দানত আয়োজন কৰাৰ হৈছে । অসম গ্ৰন্থমেলাত উক্ত দহদিনীয়াৰ কাৰ্যসূচীত চিন্তাবিদ, লেখক, প্ৰৱন্ধকাৰ, সাহিত্যিক, গৱেষক আদি কৰি বহুকেইগৰাকীৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

যোৰহাটৰ কাছাৰী ময়দানত আয়োজন কৰাৰ অসম গ্ৰন্থমেলাত ১২০খন ষ্টল আৰু ৫০টা প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব । বহিঃৰাজ্য দিল্লী, পঞ্জাৱ আৰু কলকাতাৰ কেইবাটাও পুথি বিক্ৰেতা আৰু প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব এই গ্ৰন্থমেলাত । আজি যোৰহাট কাছাৰীৰ ময়দানৰ গ্ৰন্থমেলা বাকৰিত অনুষ্ঠিত কৰা এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা আৰু অসম শৈক্ষিক কেন্দ্ৰৰ বিষয়ববীয়াই । ১১ ডিচেম্বৰত সামৰণি পৰিব এই গ্ৰন্থমেলা ৷

যোৰহাটত অনুষ্ঠিত গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ৷ আনহাতে গ্ৰন্থমেলা বাকৰিৰ পৰা এখন প্ৰিয় গ্ৰন্থ ক্ৰয় কৰিবলৈ সকলো গ্ৰন্থপ্ৰেমী ৰাইজে আশাৰে বাট চাই আছে । যোৰহাটৰ পিছত তৃতীয় আৰু চতুৰ্থখন গ্ৰন্থমেলা ক্ৰমে গুৱাহাটী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ'ব বুলি সংবাদমেলত উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Assam Book fair in Dhemaji: ধেমাজিত সামৰণি পৰিল অসম গ্ৰন্থমেলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.