যোৰহাট, 4 জানুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষাৰ্থীৰ এটা দল ৩ জানুৱাৰীৰ দিনা ৰাওনা হৈছে বেংককলৈ (Assam Agricultural University Students to Bangkok for Agricultural Higher Level Training) ৷ কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত উচ্চ শিক্ষা আৰু শেহতীয়া প্ৰযুক্তিগত জ্ঞান আহৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষাৰ্থীৰ দলটো বেংককলৈ যোৱা বুলি জানিব পৰা গৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ ৩ গৰাকী, সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ ৩ গৰাকী আৰু মীন মহাবিদ্যালয়ৰ ৪ গৰাকী শিক্ষাৰ্থীক নিৰ্বাচিত কৰা হৈছে এই বিশেষ প্ৰশিক্ষণৰ বাবে ৷
শিক্ষাৰ্থীৰ এই ১০ জনীয়া দলটোৱে থাইলেণ্ডস্থিত বেংককৰ এছিয়ান ইনষ্টিটিউট অৱ টেকনলজি (এ আই টি ) ত ৩ মাহজোৰা বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিব । বিশেষকৈ শস্য চপোৱাৰ পাছত ল’বলগীয়া ব্যৱস্থাৱলীৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব শিক্ষাৰ্থীৰ দলটোক ৷ উন্নত কাৰিকৰী কৌশল, উন্নত প্ৰযুক্তি কৌশলৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন, কৃষি সম্প্ৰসাৰণৰ শেহতীয়া ধাৰা আৰু কৃষি উদ্যোগী তথা উদ্যোগ গঢ় দিয়াৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব শিক্ষাৰ্থীৰ দলটোৱে ৷ তদুপৰি শিক্ষাৰ্থীৰ দলটোৱে থাইলেণ্ডৰ কৃষি তথা কৃষি সম্বন্ধীয় নানান দিশসমূহ অধ্যয়নৰ লগতে পৰিদৰ্শন কৰিব শিক্ষাৰ্থীসকলে(Assamese students to Bangkok for agricultural knowledge) ।
![Assam Agricultural University Students to Bangkok](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrtagriuniv-pik-10050_04012023084028_0401f_1672801828_436.jpg)
বিশ্ব বেংকৰ পুঁজিৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ জৰিয়তে ৰূপায়িত ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প (নাহেপ)ৰ অধীনত হাতত লোৱা এই কাৰ্যসূচীৰ আৰম্ভণিতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই শুভেচ্ছামূলক বক্তব্য আগবঢ়াই শিক্ষাৰ্থীৰ দলটোক উৎসাহিত কৰে । বিদেশত হ’ব লগা কৃষি-শিক্ষা-গৱেষণাৰ এই উচ্চস্তৰীয় প্ৰশিক্ষণৰ দ্বাৰা উপকৃত হৈ শিক্ষাৰ্থীৰ দলটোৱে ৰাজ্যখনৰ কৃষি ব্যৱস্থাৰ উত্তৰণৰ ক্ষেত্ৰত মনোনিবেশ কৰাৰ লগতে কৃষিকৰ্মত আধুনিক চিন্তা ধাৰাৰ প্ৰয়োগ কৰি ৰাজ্যৰ কৃষি খণ্ডলৈ পৰিৱৰ্তন অনাৰ লগতে ইয়ে বিশ্ববিদ্যালয়ৰ সুনাম অক্ষুণ্ণ ৰাখিব বুলি আশা ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই ।
শিক্ষাৰ্থীৰ দলটোক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যৰে এখন সভা অনুষ্ঠিত কৰা হয় ৷ শুভাৰম্ভণি কাৰ্যসূচীখনৰ আঁত ধৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প (নাহেপ)ৰ সমন্বয়ক ড: কিশোৰ কুমাৰ শৰ্মাই ৷ উক্ত অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ড: জয়ন্ত ডেকা আৰু ছা ত্ৰ কল্যাণ সঞ্চালক ডঃ ৰাণাপ্ৰতাপ ভূঞাইও শুভেচ্ছামুলক বক্তব্য আগবঢ়াই শিক্ষাৰ্থী সকলক উৎসাহিত কৰে ।
লগতে পঢ়ক : Anti-government slogans: তিতাবৰৰ ১০ খনকৈ ৰাজহ গাঁও গোলাঘাট জিলাৰ লগত চামিল কৰাক লৈ প্ৰতিবাদ